এক কেজি তিয়ঁহৰ মূল্য আঢ়ৈ লাখ ! কিন্তু ক’ত ?

sea cucumber e1575911838433

লাখটকীয়া তিয়ঁহৰ কথা বাৰু কোনােবাই কেতিয়াবা শুনিছেনে? পাচলিৰ বজাৰত তিয়ঁহ অতি বেছি ৪০-৫০ টকা কেজিত বিক্রী হয়। অথচ এই বিশেষ তিয়হ বিক্রী হয় প্রতি কেজিত প্রায় আঢ়ৈ লাখ টকাত। অৱশ্যে এই বিশেষ তিয়হ আচলতে আমি খােৱা তিয়হ নহয়।

এই তিয়ঁহ মাটি বা লতাগছত উৎপাদন নহয়, ইয়াৰ উৎপত্তি সাগৰৰ তলতহে। সেই বাবেই ইয়াক ‘সাগৰীয় তিয়ঁহ’ বা ‘ছী কিউকাম্বাৰ’ বুলি কোৱা হয়। সাগৰীয় তিয়ঁহ বুলি পৰিচিত হলেও ই আচলতে এক প্রকাৰৰ সামুদ্রিক জীৱহে। দেখিবলৈ তিয়হৰ দৰে লাগে বাবেই এই জীৱৰ নাম ৰখা হৈছে ‘ছী কিউকাম্বাৰ।

বিভিন্ন সাগৰত এইবিধ প্ৰাণীৰ নানা প্রজাতি উপলব্ধ। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মুন্নাৰ অঞ্চলতাে ইয়াক প্ৰচুৰ পৰিমাণে পােৱা যায়। আন্তর্জাতিক বজাৰত এইবিধ প্ৰাণীৰ বিপুল চাহিদা আৰু দাম। মুন্নাৰৰ উপৰি চীন আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ পৰা এইবিধ প্ৰাণীৰ প্রচুৰ চোৰাং সৰবৰাহ হয়।

ইয়াৰ প্ৰধান কাৰণ হৈছে যৌনবর্ধক ঔষধ, কর্কটৰ চিকিৎসা, তেল, ক্রিম আৰু প্রসাধন সামগ্রী প্রস্তুত কৰাত এইবিধ সামুদ্রিক প্রাণী ব্যৱহাৰ কৰা হয়। ঔষধৰ উপৰি চীনসহ দক্ষিণ-পূব এছিয়াৰ কেবাখনাে দেশত এইবিধ প্ৰাণীৰ দামী খাদ্যবস্তু প্রস্তুত হয়। সাগৰীয় তিয়ঁহ এবিধ একিন’ডার্ম প্ৰজাতিৰ প্রাণী।

ইয়াৰ আকাৰ প্রায় টিউবৰ দৰে। দেখাত প্রায় তিয়হৰ দৰে। সেইবাবেই ইয়াৰ নামকৰণ হৈছে ‘ছী কিউকাম্বাৰ। সাগৰৰ তলিৰ বালিত লুকাই থকা ক্ষুদ্র ক্ষুদ্র প্রাণী ইহঁতৰ খাদ্য। এই প্রাণীৰ শৰীৰ একেবাৰে নৰম তথা লেওসেও।

সাগৰৰ বাস্তুতন্ত্রত এইবিধ প্ৰাণীৰ বিশেষ ভূমিকা আছে। ইহঁতৰ বিষ্ঠাত যি নাইট্রজেন, এমনিয়া আৰু কেলছিয়াম আছে সেয়া প্রবাল প্রাচীৰৰ বাবে অত্যন্ত উপযােগী। চোৰাং সৰবৰাহৰ বাবেই এইবিধ প্রাণী ক্ৰমাৎ বিলুপ্তিৰ দিশলৈ অগ্ৰসৰ হৈছে। যাৰ বাবে বিগত ৪১ বছৰত সাগৰীয় তিয়ঁহৰ মূল্য বহু গুণে বৃদ্ধি পাইছে।

১৯৮০ত এই প্ৰাণীৰ এক কেজিৰ মূল্য আছিল পাঁচ হেজাৰ টকা। এতিয়া সেই মূল্য বাঢ়ি হৈছেগৈ ২১ হেজাৰ। অৱশ্যে ইয়াৰ ভিতৰত একাংশ বিশেষ প্রজাতিৰ সাগৰীয় তিয়ঁহ আছে, যিবােৰৰ এক কেজিৰ মূল্য আঢ়ৈ লাখ টকাৰ বেছি।

Exit mobile version