গোসাইগাওঁৰ টেংনাভিটাত কালি মন্দিৰৰ বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন

cb299b49 4271 4862 928a e41e7082329a

গোসাইগাও মহকুমাৰ টেংনাভিটা গাৱত কালি মন্দিৰৰ বাউণ্ডেৰী ৱালৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে।

আধাৰশিলা স্থাপন কৰি তুলসীবিল বজাৰতস্থিত মিৰাজ ক্লাৱ কাম লাইব্ৰেৰীত স্থানীয় বিশিষ্ট ব্যক্তি সকলৰ লগত মত-বিনিময় কৰে।

সংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত বিধায়ক গৰাকীয়ে কয় যে যোৱা পাঁচটা বছৰে মই সমষ্টিবাসীৰ এই অঞ্চলত বহু কাম কৰিছো।

ভাওৰাগুৰীৰ পৰা সাপটগ্ৰাম লৈকে পথছোৱাৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ আছিল, সেই পথছোৱা নিৰ্মাণ কৰাৰ লগতে তুলসীবিল আৰু ফকিৰাগ্ৰাম চিকিৎসালয়টো উন্নত কৰি ৩০ খন বিচনাযুক্ত মডেল চিকিৎসায়,এপাৰ্টৰ অধিনত দুইকোটি পঞ্চাশ লাখ টকাৰ আৱন্টিত ধনেৰে তুলসীবিলত বজাৰ গৃহ নিৰ্মান,তুলসীবিলৰ লগতে ভাওৰাগুৰী,ছেৰফাংগুৰি, দোতমা মুঠ চাৰিটা মডেল বজাৰ গৃহৰ নিৰ্মাণৰ কাম আৰু তুলসীবিল সমবায় সমিতিৰ গুদাম ঘৰৰ কাম মই মোৰ সমষ্টিবাসীৰ বাবে কৰিছোঁ ।

কিন্তু দুৰ্ভাগ্যজনক যে মই অনা কামবোৰৰ আধাৰশিলা বৰ্তমানৰ বিটিচিৰ ইউপিপিএল মিত্ৰদলৰ চৰকাৰে স্থাপন কৰি মই অনা কামবোৰ তেওলোকে অনা বুলি ৰাইজক কৈ আছে।

ইফালে বিপিএফৰ নেতা প্ৰহ্লাদ ব্ৰহ্মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু মিছাইলমেন আব্দুল কালামক কৰা অপমান মূলক কথাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰহ্লাদ ব্ৰহ্মই তুলনামূলকভাৱে কথাবিলাক কৈছিল, কিন্তু তেওৰ কথাবিলাক একাংশ সংবাদ মাধ্যমে সম্পূৰ্ণ কথাটো প্ৰচাৰ নকৰি আংশিকভাৱে প্ৰচাৰ কৰিছে।

বিপিএফ দল এটা অনুশাসন বজাই ৰখা দল হোৱাৰ বাবেই আমাৰ দলৰ মূৰব্বী য়ে প্ৰহ্লাদ ব্ৰহ্মক দলৰ প্ৰাথমিক পদৰ পৰা অব্যাহতি দিছে।

Exit mobile version