ডায়েবেটিছ প্ৰতিৰােধ কেনেকৈ কৰিব ?

diabetes doctor 1200x628 facebook

আধুনিক জীৱনশৈলীজনিত ৰােগসমূহৰ ভিতৰত অন্যতম হ’ল ডায়েবেটিছ। অতি সম্প্রতি বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰ তালিকাত যিবােৰ ৰােগ অন্তর্ভুক্ত কৰিছে সেইবােৰৰ ভিতৰত ডায়েবেটিছ অন্যতম। বিশ্ব সম্প্রতি ৪৬৩ নিযুত লােক এই ৰােগত আক্রান্ত।

২০১৭ত এই সংখ্যা আছিল ৪২৫ নিযুত। ভাৰতত ৭২.৯ নিযুত। প্রাপ্তবয়স্ক লােক এই ৰােগত আক্ৰান্ত হৈছে। সেইবাবে ভাৰতক। ‘ডায়েবেটিছৰ ৰাজধানী ‘ বুলি কোৱা হয়। তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিকতকৈ বেছি হ’লে ডায়েবেটিছত আক্রান্ত বুলি কয়।

এই ৰােগবিধ দুই ধৰণৰ— টাইপ-১ আৰু টাইপ-২। খালী পেটত পৰীক্ষা কৰিলে যদি শৰ্কৰাৰ পৰিমাণ ১১০-১২৫ থাকে তেতিয়াহ’লে ‘প্রিডায়েবেটিক’ বুলি গণ্য কৰা হয়। এই পৰিমাণ যদি ১১০ৰ তলত থাকে তেতিয়াহ’লে স্বাভাৱিক বুলি কয়। যদি ১২৬তকৈ বেছি থাকে তেতিয়াহ’লে ডায়েবেটিছত আক্রান্ত হিচাপে গণ্য কৰে।

আনহাতে খাদ্য গ্রহণৰ দুঘণ্টা পাছত যদি ১৪০ এমজি/ ডিএল কম হয় তেতিয়াহ’লে ইয়াক স্বাভাৱিক হিচাপে গণ্য কৰে। যেতিয়া ১৪০-১৯৯ এমজি/ডিএল হয় তেতিয়া ‘প্রিডায়েবেটিক’ হিচাপে গণ্য কৰা হয়। অৱশ্যে এই পৰিমাণ যেতিয়া ২০০ এমজি/ডিএল হয় তেতিয়া তেওঁক এই ৰােগত আক্রান্ত হােৱা বুলি গণ্য কৰা হয়।

★ৰােগ প্ৰতিৰােধ নিয়ন্ত্রণ কৰিবলৈ কি কৰিব যিমান সম্ভৱ সিমানেই টেনচন বা মানসিক চাপ নিয়ন্ত্রণ কৰিব লাগিব।

★উজাগৰে নিশা কটোৱাৰ অভ্যাস ত্যাগ কৰক। কাৰণ নিদ্রাহীনতাৰ বাবে শৰ্কৰা বৃদ্ধিৰ লগতে আন বহুতাে ৰােগে গা কৰি উঠে।

★ অত্যধিক চর্বি আৰু কলেষ্টেৰল সমৃদ্ধ খাদ্য নিয়ন্ত্রণ কৰাৰ ওপৰত সকলােৱে গুৰুত্ব দিব লাগিব।

★ফাষ্ট ফুড, জাংক ফুড আদি খােৱাৰ পৰিৱর্তে সময়মতে সুষম আহাৰ গ্রহণত গুৰুত্ব প্রদান কৰা উচিত।

★শৰীৰৰ ওজন নিয়ন্ত্রণ কৰিব লাগিব। অর্থাৎ মেদবহুলতাই যাতে গা কৰি উঠিব নােৱাৰে তাৰ বাবে সতর্ক থাকিব লাগে।

★সময়মতে বিশ্রাম ল’ব লাগে।

★ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিব লাগিব। যদিহে পৰিয়ালত এই ৰােগ হােৱাৰ ইতিহাস আছে তেতিয়াহ’লে

★নিয়মীয়াকে ৰক্ত পৰীক্ষা কৰা উচিত।

★ সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে।

★আলু আৰু মিঠাইৰ পৰা আঁতৰি থকাটোৱে মংগলজনক।

★নিমখ কম পৰিমাণে খাব লাগে।

★নিয়মীয়াকৈ ব্যায়াম কৰা উচিত।

★পুৱাই হওক অথবা গধূলিয়ে হওক নির্দিষ্ট দূৰত্ব সদায় খােজ কাঢ়িব লাগে।

★ এবাৰতে বেছি খাদ্য খােৱাৰ পৰিৱর্তে দিনটোৰ ভিতৰত সেইখিনি খাদ্যকে কে’বাবাৰাে ভাগ কৰি খাব লাগে।

Exit mobile version