শীঘ্ৰেই নিৰ্মাণ হ’ব লতা মংগেশকাৰৰ বায়’পিক !

lata 1

সমগ্র দেশবাসী কন্দুৱাই যােৱা দেওবাৰে চিৰবিদায় ললে সুৰৰ সম্রাজ্ঞী লতা মংগেশকাৰে। বিগত পাঁচটা দশকত অসংখ্য সুৰীয়া গীত উপহাৰ দি শ্ৰোতাৰ হৃদয় জিনিছিল এই কোকিলকণ্ঠীয়ে। মধুবালাৰ পৰা আৰম্ভ কৰি। মাধুৰী দীক্ষিত, আনকি পৰৱর্তী প্রজন্মৰ নায়িকাৰ বাবেও কণ্ঠদান কৰিছিল এইগৰাকী সকলােৰে প্রিয় তথা শ্ৰদ্ধাৰ শিল্পীয়ে।

এই সুৰৰ সম্রাজ্ঞীয়ে চিৰ বিদায় লােৱাৰ মাত্র কেইটমান দিনৰ ভিতৰতে বলিউদত আৰম্ভ হৈছে বিশেষ চর্চা। লতা মংগেশকাৰৰ বায়’পিক নির্মাণৰ পৰিকল্পনা কৰিছে বলিউদৰ তিনিজনকৈ আগশাৰীৰ পৰিচালকে।বহুতেই হয়তাে নাজানে যে লতা মংগেশকাৰৰ জীৱনটো আছিল শৈশৱৰ পৰাই কঠিন সংগ্রামেৰে ভৰা।

তেওঁৰ শৈশৱ একেবাৰেই সুখকৰ নাছিল। পিতৃ দীননাথ মংগেশকাৰৰ মৃত্যুৰ পাছত মাত্র ১৩ বছৰ বয়সৰ পৰাই তেওঁ সংসাৰৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল। বিধৱা মাতৃ আৰু সৰু সৰু ভ্ৰাতৃ- ভগ্নীৰ দায়িত্ব তেওঁৰ ওপৰতে পৰিছিল। অথচ লতাৰ হাতত আছিল একমাত্র গান।

সেয়ে উপার্জন বৃদ্ধিৰ বাবে তেওঁ অভিনয়তাে নামিছিল। অৱশ্যে শিশুশিল্পীৰূপে আঠখন ছবিত অভিনয় কৰিলেও তেওঁ সাফল্যৰ মুখ দেখা নাপালে। আনকি নিজৰ জীৱনৰ প্রথম গীতটিয়েও মুক্তি নাপালে। কিয়নাে ছবিৰ পৰা গীতটি সম্পাদনাৰ সময়ত বাদ দিয়া হৈছিল।

এখন মাৰাঠী ছবিত লতাই জীৱনৰ প্ৰথমটো গীতত কণ্ঠদান কৰিছিল। লতাৰ পিতৃ-মাতৃয়ে কেতিয়াও বিচৰা নাছিল যে তেওঁলােকৰ কন্যাই সংগীতক পেছাৰূপে লওক আৰু গীত গাই ধন উপার্জন কৰক। অথচ পৰৱৰ্তী কালত সেই লতাই হৈ পৰিল সুৰৰ সম্রাজ্ঞী।

সেই কোকিলকণ্ঠীৰ জীৱন-যুদ্ধৰ কাহিনীকে ৰূপালী পর্দাত তুলি ধৰিব বিচাৰে তিনিজন পৰিচালকে। সূত্রই জনােৱা মতে, লতা মংগেশকাৰৰ বায়’পিক নির্মাণৰ পৰিকল্পনা কৰিছে তিনি আগশাৰীৰ পৰিচালক ৰাকেশ ওম প্রকাশ মেহৰা, আনন্দ এল ৰাই আৰু সঞ্জয় লীলা ভাঞ্চালিয়ে।

সূত্রই জনােৱা মতে, ভাঞ্চালিয়ে হেনাে বিগত ১০ বছৰ ধৰি কোকিলকণ্ঠীৰ বায়’পিক নির্মাণ কৰাৰ বাবে গৱেষণা অব্যাহত ৰাখিছে।অৱশ্যে সকলােবােৰ নিৰ্ভৰ কৰিছে মংগেশকাৰ পৰিয়ালৰ সন্মতিৰ ওপৰত। যদিও পৰিয়ালৰ তৰফৰ পৰা জনাইছে যে লতাৰ বায়’পিকক কেন্দ্ৰ কৰি তেওঁলােকো যথেষ্ট উৎসাহিত।

অতি ভাল ধৰণে উক্ত বায়পিক নির্মাণ হােৱাটো তেওঁলােকে বিচাৰিছে। এতিয়া চর্চা হৈছে কোনজন পৰিচালকৰ চিত্রনাট্য মংগেশকাৰ পৰিয়ালৰ পছন্দ হ’ব। ইয়াৰ লগে লগে আৰম্ভ হৈছে লতাৰ ভূমিকাত অভিনয় কৰিব কোনে? উল্লেখ্য যে অলপতে হেমা মালিনীয়েও এক সাক্ষাৎকাৰত লতা মংগেশকাৰৰ চৰিত্ৰত অভিনয় কৰাৰ ইচ্ছাৰ কথা ব্যক্ত কৰিছিল।

Exit mobile version