চাৰি ৰাজ্যৰ দখলত অসমৰ আঢ়ৈ লাখ বিঘা

অৰুণাচল প্রদেশ-নাগালেণ্ড-মেঘালয়ে দখল কৰিছে ১৯ হেজাৰ বিঘাৰো অধিক ৰাজহ ভূমি

Villager in Border Assam Meghalaya

img

চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰে উদ্যোগ লোৱাৰ সময়ত তিনিখন ৰাজ্য‌ই আঢ়ৈ লাখৰো অধিক বিঘা ৰাজহ আৰু বন ভূমি বেদখলৰ তথ্য নিশ্চিত কৰা হৈছে । অসমৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰি আছে অৰুণাচল প্ৰদেশ, নগালেণ্ড আৰু মেঘালয়ে । তাৰ বিপৰীতে সংঘাত চলি থকা মিজোৰামৰ বিৰুদ্ধে ৰাজহ ভূমি দখলৰ তথ্য নাই । ৰাজ্যখনে অসমৰ বৃহৎ পৰিমাণৰ বনভূমিহে বেদখল কৰিছে । বনভূমি বেদখল কৰি আছে অৰুণাচল, নগালেণ্ড আৰু মেঘালয়েও ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্যৰ লগত চলি অহা সীমা সংঘাতৰ ওৰ পেলাবলৈ অসম চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে । তাৰে প্ৰথম পদক্ষেপ হিচাপে মেঘালয়ৰ লগত থকা ১২ টা স্থানৰ ভিতৰৰ ছটাৰ সমস্যা সমাধান প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে । একে সময়তে মেঘালয়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা কৌশলেৰে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ লগতো সমস্যা সমাধানৰ প্ৰক্ৰিয়াত প্ৰাৰম্ভিক কাম-কাজ অসম চৰকাৰে আৰম্ভ কৰিছে ।

ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীদ্বয়ৰ লগতো এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলোচনাত মিলিত হৈছে । বিবাদ নিষ্পত্তিৰ প্ৰসংগতে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগৰ ব্যৱস্থাপনা বিভাগে শেহতীয়াকৈ উলিওৱা হিচাপ অনুসৰি অৰুণাচলে অসমৰ ১৫,১১৯ বিঘা চাৰি কঠা ২৮ লেচা ৰাজহ ভূমি বেদখল কৰি আছে । নগালেণ্ড দখল কৰি আছে ২,২৪৯ বিঘা দুই কঠা ১৮ লেচা ভূমি আৰু মেঘালয়ে দখল কৰি আছে ২,৩৯৫.৭৬ বিঘা ১৮ লেচা ৰাজহ ভূমি । এই তিনিখন ৰাজ্য‌ই বৃহৎ পৰিমাণৰ বনভূমিও বেদখল কৰি আছে ।

অৰুণাচলে ৬৬,৫৬৫.১৭ বিঘা তিনি কঠা আঠ লেচা, নগালেণ্ডে ১,৪১,৩৯৯ বিঘা তিনি কঠা ১৫ লেচা আৰু মেঘালয়ে ২,৪৬৫.১ বিঘা অসমৰ বনভূমি দখল কৰি আছে । মিজোৰামে দখল কৰা বনভূমিৰ পৰিমাণ হ’ল ১৮,২৪২.৩৩ বিঘা । বিভাগটোৰ তথ্য অনুসৰি বন আৰু ৰাজহ ভূমিকে ধৰি অৰুণাচলে ৮১,৬৮৮.১৭ বিঘা দুই কঠা ১৬ লেচা, নগালেণ্ডে ১,৪৩,৬৪৯ বিঘা এক কঠা ১৩ লেচা মেঘালয়ে ৪,৮৫০.৮৬ বিঘা ১৮ লেচা ভূমি দখল কৰি আছে । এনে বৃহৎ পৰিমাণৰ বেদখলী ভূমি সীমা সমস্যা সমাধান প্ৰক্ৰিয়াৰ জৰিয়তে অসমে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নে নহয় তাক লৈও চৰ্চা অব্যাহত আছে ।

Exit mobile version