প্ৰতিষেধকৰ ক্ষমতা বেছি দিন নথকাৰ আশংকা

আমেৰিকাৰ চতুৰ্থ বুষ্টাৰৰ ঘোষণাৰ পাছতে উঠিছে প্ৰশ্ন

1002770 946273 covid19 guidelines

ক’ভিড প্রতিষেধকৰ চতুর্থ পালি বা বুষ্টাৰ দিয়াৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে আমেৰিকাই। হােৱাইট হাউছৰ মুখ্য স্বাস্থ্য উপদেষ্টা এন্টনী ফাউচিয়ে ইতিমধ্যে সংবাদমেলত এই কথা জনাইছে।

ইয়াৰ লগে লগে উত্থাপন হৈছে একাধিক প্রশ্ন। কাৰণ তৃতীয় পালি বা বুষ্টাৰ ড’জৰ কাম সম্প্রতি আৰম্ভ হৈছে। একো একোটা পালিয়ে বেছি দিন কাম নকৰে নেকি বুলিয়ে এতিয়া প্রশ্ন উত্থাপন হৈছে।

আমেৰিকাত প্রধানকৈ ফাইজাৰ আৰু মর্ডাণাৰ এমআৰএনএ প্রতিষেধক দিয়া হৈছে। এক গৱেষণাত এই প্রসংগত দাবী কৰা হৈছে যে চাৰি মাহৰ ভিতৰতে নােহােৱা হৈছে একোটা পালিৰ প্ৰভাৱ।

স্বয়ং ‘ইউএছ চেণ্টাৰ্ছ অৱ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনচন’ (চিডিচি)ৰ তৰফৰ পৰা এই গৱেষণা কৰা হৈছে। তেওঁলােকে প্রকাশ কৰা প্রতিবেদনতে স্পষ্টৰূপে জনাইছে যে ফাইজাৰ আৰু মর্ডাণাৰ এমআৰএনএ প্রতিষেধক কার্যকাৰিতা চাৰি মাহৰ পাছত লাহে লাহে হাস পাবলৈ ধৰে।

এই বিষয়টো ক’তাে উল্লেখ কৰা হােৱা নাই যদিও বিভিন্ন ক্ষেত্ৰত শুনা গৈছে যে দুটা পালিৰ পাছতে প্রতিষেধকৰ কাম কৰাৰ প্ৰভাৱ কমিবলৈ আৰম্ভ কৰে। চিডিচিৰ নতুন গৱেষণাত হাস্পতাল বা ক্লিনিকৰ জৰুৰী বিভাগৰ দুই লাখ ৪১ হেজাৰ ২০৪টা ঘটনা, ৯৩ হেজাৰ ৪০৮জনৰ গুৰুতৰ অৱস্থাত হাস্পতালত ভর্তি হােৱা অৱস্থাক পর্যবেক্ষণ কৰি সিদ্ধান্ত গ্রহণ কৰা হৈছে।

২০২১ৰ ২৬ আগষ্টৰ পৰা ২০২২ ২২ জানুৱাৰী পর্যন্ত ঘটনাৰ বিষয়ে এই পর্যবেক্ষণ চলে। সমস্ত দিশ চালি-জাৰি চাই প্রতিষেধকৰ কার্যকাৰিতা বিচাৰ কৰা হয়। এজন প্রতিষেধকহীন লােক ক’ভিড পজিটিভ হােৱা আৰু প্ৰতিষেধক লােৱাৰ পাছত সংক্রমিত হােৱা, এই দুয়ােটা দিশ তুলনা কৰি চোৱা হয়।

ইয়াৰ উপৰি বিশ্বৰ কোন অঞ্চল, প্রতিষেধক প্রাপকসকলৰ বয়স কিমান, স্থানীয় সংক্ৰমণৰ পৰিমাণ, ৰােগৰ চৰিত্র, কাৰােবাৰ ক’-ম’বিডিটী আছে নেকি আদিবােৰ পৰীক্ষা কৰি চোৱা হয়। অ’মিক্রন সংক্ৰমনৰ সময়ত দেখা গৈছে যে ভাইৰাছক প্রতিহত কৰাত প্রতিষেধক কার্যকাৰিতা হ্রাস পাইছে।

দেখা গৈছে যে দুটা পালি গ্ৰহণৰ পাছত (যাক আৰম্ভণিতে টিকাকৰণ সম্পূর্ণ হােৱা বুলি ধৰা হৈছিল) ৮৭ শতাংশ কার্যকাৰিতা আছে। প্রতিষেধকৰ অথচ চতুর্থ পালিৰ সময় আহে মানে সেয়া ৬৬ শতাংশলৈ কমিছে।

ইমান দিনে কোৱা হৈছিল যে সংক্রমণ ৰােধ কৰিবলৈ ব্যর্থ হলেও প্রতিষেধক হাস্পতালত ভর্তি হােৱাটো ৰােধ কৰাত সফল। দুটা পালিৰ পাছতে সঁচাকৈয়ে ৯১ শতাংশ কার্যকৰ আছিল প্রতিষেধক, কিন্তু সেয়াও কমি এতিয়া ৭৮ শতাংশ হৈছে।

গৱেষণা পত্ৰখনত তৃতীয় আৰু চতুর্থ বুষ্টাৰ পালি লােৱাৰ প্রয়ােজনীয়তাক কেন্দ্র কৰিও প্রশ্ন উত্থাপন কৰা হৈছে। লেখকে স্পষ্টৰূপে উল্লেখ কৰিছে , এমআৰএনএ প্রতিষেধকৰ তৃতীয় পালি গ্ৰহণৰ পাছত দেখা গৈছে যে তাত অতিৰিক্ত বুষ্টাৰ পালি দিয়াৰ কথা ভবা উচিত নেকি, এই বিষয়ত প্রশ্ন ৰৈ গৈছে।

Exit mobile version