শ্ৰীৰামপুৰত ব্ৰইলাৰ ছিণ্ডিকেট

ব্ৰইলাৰ কঢ়িওৱা বাহন চালক-মালিকক আক্ৰমণ

কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত ব্ৰইলাৰ ছিণ্ডিকেট চলি থকাৰ তথ্য প্ৰমাণসহ বাতৰি পৰিবেশন কৰাৰ পাছতো অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট । প্ৰতিখন ব্ৰইলাৰ কুকুৰা কঢ়িওৱা বাহনৰ পৰা ছিণ্ডিকেট চক্ৰই ২০ হেজাৰকৈ টকা সংগ্ৰহ কৰে ।

অসম চৰকাৰে এই ছিণ্ডিকেট বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি ব্ৰইলাৰ কঢ়িওৱা বাহন চালক আৰু মালিকসকলে শ্ৰীৰামপুৰত প্ৰতিবাদী কাৰ্য্যসূচী ল’বলৈ গৈ থকাৰ সময়তে ছিণ্ডিকেট চক্ৰটোৱে ব্ৰইলাৰ কুকুৰা কঢ়িওৱা বাহন চালক আৰু মালিকসকলৰ ওপৰত আক্ৰমন কৰে । মাৰপিট কৰাৰ লগতে তেওঁলোকৰ বলেৰো গাড়ী ভাংচুৰ কৰি হত্যাৰ ভাৱুকি দিয়ে । তাৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে চিৰাঙৰ কাজলগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰে এই তথ্য ।

Exit mobile version