Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

দলীয় নেতা বনাম চৰকাৰী নেতা

প্রাঞ্জলসেন ডেকা

publisher by publisher
February 14, 2022
in Opinion
Reading Time: 1 min read
0
দলীয় নেতা বনাম চৰকাৰী নেতা
2
SHARES
16
VIEWS
ShareShareShareShare

আগতে কম বয়সীয়া ল’ৰা-ছােৱালীক অভিভাৱকে কিছুমান বস্তু চাবলৈ বা পঢ়িবলৈ নিদিছিল। (আগতে বুলি এই কাৰণেই কলাে যে কৰ’নাৰ আগমনৰ পৰিপ্ৰেক্ষিতত অনলাইন পাঠদান আৰম্ভ হােৱাৰ ফলত স্কুলীয়া ছাত্র- ছাত্রীসকল ম’বাইল ফোন অথবা কম্পিউটাৰৰ সমুখত ঘণ্টাৰ পাছত ঘণ্টা বহিবলগীয়া হােৱা হেতুকে তেওঁলােকক একেৰাহে চকু দি থকাটো কোনাে অভিভাৱকৰ বাবেই সম্ভৱ হৈ নাথাকিল।)

ADVERTISEMENT

যেনে দূৰদৰ্শনৰ এসময়ৰ অতি জনপ্রিয় অনুষ্ঠান’চিত্ৰহাৰ’ য’ত বলিউদৰ বিভিন্ন ছবিৰ, ঘাইকৈ নতুন আৰু হিট, গীতসমূহ প্রদর্শন কৰা হৈছিল। চিত্ৰহাৰ আৰম্ভ হােৱাৰ পূর্বেই স্কুলীয়া ল’ৰা-ছােৱালীক টিভি চলি থকা কোঠাৰ পৰা আঁতৰাই পঠিওৱা হৈছিল অথবা টিভিয়েই বন্ধ কৰি থােৱা হৈছিল।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

বহু পৰিয়ালত প্রাপ্তবয়স্ক সন্তানেও পৰাপক্ষত তেনেবােৰ অনুষ্ঠান অভিভাৱকৰ স’তে উপভােগ কৰাৰ পৰা বিৰত আছিল। তেতিয়া অৱশ্যে আজিৰ দৰে কোঠাই কোঠাই টিভি নাছিল। লক্ষ্যণীয় এয়ে যে ‘চিত্ৰহাৰ’ কোনাে অশালীন অনুষ্ঠান নাছিল। বলিউদৰ জনপ্রিয় ছবিৰ গীতাংশহে আছিল; তথাপি সেয়াও আমাৰ সমাজৰ পৰিয়ালত গ্রহণযােগ্য হৈ উঠা নাছিল।

সেই বাবেই অভিভাৱকে সন্তানক তেনে অনুষ্ঠান উপভােগৰ পৰা বিৰত ৰাখিছিল। দৰাচলতে দুই-এটা সস্তীয়া তথা কিছু পৰিমাণে যৌনগন্ধী গীতৰ তেনে অনুষ্ঠানৰ দ্বাৰা সন্তানক বিপথে পৰিচালিত হােৱাৰ পৰা ৰক্ষা কৰিবলৈকে অভিভাৱকে এনে ব্যৱস্থা লৈছিল।

বহুতে অৱশ্যে তেনে মানসিকতাক মধ্যবিত্তীয় অভিভাৱকৰ অনুশাসনৰ পৰাকাষ্ঠা বুলিও আজি কটাক্ষ কৰিব খােজে। যি কি নহওক, সম্প্রতি তাতকৈও অধিক উদ্বেগজনক পৰিবেশৰ সৃষ্টি হৈছে ৰাজনৈতিক নেতাসকলৰ কার্যকলাপৰ দ্বাৰা।

এইসকল ৰাজনৈতিক নেতাৰ কথা-বতৰা, কার্যকলাপৰ পৰাহে ল’ৰা-ছােৱালীক আঁতৰাই ৰখাৰ প্রয়ােজন হৈ পৰিছে,যাতে সিহঁত বিপথে পৰিচালিত নহয়।

ভাৰতীয় সমাজে নিজৰ ঐতিহ্যক লৈ সদায়ে গৌৰৱ কৰি আহিছে। বিশ্বৰ আন বহুতাে উন্নত দেশতকৈও আমি উচ্চ আসন দাবী কৰি আহিছাে আমাৰ সংস্কাৰ-সংস্কৃতিক লৈ। অথচ আমাৰ সমাজৰ সেই শক্তিশালী সৌধতে আক্রমণ কৰিছে ৰাজনৈতিক নেতাসকলে।

সম্প্রতি দেশত এনে এক ধৰণৰ পৰিৱেশ সৃষ্টি কৰা হৈছে। যেন নিজৰ ভাল কথা কোৱাৰ পৰিৱর্তে প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে অশালীন কথা কৈহে নিজৰ শক্তি প্রদর্শন কৰিব পাৰি। যেনেকৈ স্বধৰ্মৰ প্রতি আনুগত্য প্রদর্শন কৰিবলৈ আন ধৰ্মাৱলম্বীক অৱহেলা অথবা অপমান কৰাটো জৰুৰী হৈ পৰিছে!

অধিকাংশ ৰাজনৈতিক দলৰে নেতাই কম-বেছি পৰিমাণে এনে ধৰণৰ কুৰুচিপূর্ণ, অশালীন মন্তব্য কৰাটো স্বাভাৱিক ঘটনাৰ দৰেই হৈ উঠিছে যদিও প্রধানমন্ত্রী অথবা মুখ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত নেতাৰ এনে আচৰণ বিপজ্জনক।

কিয়নাে ই এক অবাঞ্ছিত দৃষ্টান্তৰ সৃষ্টি কৰে আৰু তেওঁলােকৰ অধস্তন নেতা-কর্মীৰ লগতে আন দলৰ লােককো তেনে আচৰণৰ বাবে উৎসাহিত কৰে।

ফলস্বৰূপে সম্প্রতি কনিষ্ঠ নেতাসকলেও ধৰি লৈছে যে যিয়ে যিমান বিৰােধী নেতাৰ প্ৰতি অসম্মানজনক অথবা অশালীন মন্তব্য কৰিব পাৰে, সিমানেই ৰাজনীতিত তেওঁলােকৰ প্রতিপত্তি বাঢ়ে। এই কথা দোহাৰিবৰ প্রয়ােজন নাই যে বিৰােধ, সমালােচনাই গণতন্ত্রৰ শক্তিশালী ভেটি।

বিৰােধ অবিহনে সি স্বেচ্ছাচাৰী শাসনলৈ ৰূপান্তৰিত হােৱাটো অৱধাৰিত; কিন্তু এচাম ক্ষমতাসীন নেতাৰ সমালােচনাৰ প্ৰতি চৰম বিৰাগ উদ্বেগজনক। আনকি সমালােচকৰ মুখ বন্ধ কৰিবলৈ যিকোনাে পর্যায়লৈ নামিবলৈও সেইসকল প্রস্তুত।

শেহতীয়াভাৱে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে বংশানুক্রমিক ৰাজনীতি দেশত গণতন্ত্র প্রতি প্রধান ভাবুকি বুলি মন্তব্য কৰিছে। তাৰ প্রত্যুত্তৰত আৰ জে ডিৰ বর্ষীয়ান নেতা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱে কৈছে যে মােদীৰ ল’ৰা-ছােৱালীয়েই নাই, গতিকে ইচ্ছা কৰিলেও বংশানুক্রমিক ৰাজনীতি কৰিব ক’ৰ পৰা?

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আকৌ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃত্বক লৈয়ে প্রশ্ন উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ৰাজনৈতিক দলৰ নেতা হলেও নৰেন্দ্ৰ মােদী দেশৰ প্ৰধানমন্ত্রী।

গতিকে মােদী কোনাে কুৰুচিপূর্ণ সমালােচনাৰ সন্মুখীন হােৱা মানে দেশৰ প্ৰধানমন্ত্রীৰ আসনখনৰ মর্যাদা লঘু নহয়নে? অৱশ্যে এই পৰিৱেশ আৰু সুযােগ যে স্বয়ং মােদীয়েই সৃষ্টি কৰি দিছে, তাৰ ব্যাখ্যা নিষ্প্রয়ােজন।

দেশত যিহেতু সংসদীয় নির্বাচন আৰু ৰাজ্যসমূহৰ বিধানসভা নির্বাচন বিভিন্ন পৃথক পৃথক সময়ত অনুষ্ঠিত হয়, সেয়েহে সকলাে সময়তে দেশৰ কোনাে নহয় কোনাে প্রান্তত এক ধৰণৰ নির্বাচনী পৰিৱেশ অব্যাহত থাকে।

কিন্তু প্রধানমন্ত্রীগৰাকী ৰাজ্যৰ বিধানসভা নির্বাচনসমূহত জঁপিয়াই পৰাৰ প্রয়ােজনীয়তা অথবা ঔচিত্য বিচাৰ কৰাৰ প্রয়ােজন। প্রধানমন্ত্রী মােদীৰ পূর্বে আমি দেখা সময়ছােৱাত কোনাে এগৰাকী প্রধানমন্ত্রীয়ে ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰচাৰত এনেদৰে ব্যস্ত হৈ পৰা নাছিল।

প্রধানমন্ত্রী নির্বাচিত হােৱাৰ লগে লগে এজন ব্যক্তি সমগ্র দেশৰে নেতা তথা এক আইকনত পৰিণত হয়। গতিকে তেনে এজন নেতাই, ৰাজনৈতিক দলৰ হৈ আন সাধাৰণ নেতাৰ দৰে ৰাজ্যৰ বিধানসভা নির্বাচন অথবা দৈনন্দিন ৰাজনীতিত জড়িত হৈ পৰাটো কিমান শােভনীয়?

কিন্তু প্রধানমন্ত্রী মােদীয়ে এই প্ৰসংগটোকে অবান্তৰ কৰি তুলিছে। বিধানসভা নির্বাচনসমূহত প্রধানমন্ত্রী মােদীয়ে যি বৃহৎ সংখ্যক জনসভাত অংশগ্রহণ কৰি আহিছে, সি দলীয় নেতাসকলকো হতবাক কৰি তােলে। ইয়াৰ ফলত দুটা দিশ পৰিলক্ষিত হয়।

প্রথমতে, মােদীয়ে স্থানীয় বিৰােধী নেতাসকলক সমালােচনা কৰিবলৈ গৈ নিজকো সেই পর্যায়লৈ অৱনমিত কৰে। তেওঁৰ ভাষণৰ প্রত্যুত্তৰ দিবলৈ বিভিন্ন সৰু-বৰ নেতাই তীক্ষ সমালােচনা কৰে, যি বিভিন্ন সময়ত ব্যক্তিগত পর্যায় পায়গৈ। সিয়ে প্রধানমন্ত্রীৰ আসনখনকো অসন্মানিত কৰে। প্রধানমন্ত্রীকো তেনে পর্যায়লৈ অৱনমিত কৰি পেলােৱা হয়।

ৰাষ্ট্ৰীয় আইকন এগৰাকীক এনেদৰে নিকৃষ্ট ৰাজনীতিৰ ডবাৰ গুটি কৰি পেলােৱাটো দুর্ভাগ্যজনক। দেশৰ প্ৰধানমন্ত্রীগৰাকী কেইজনমান কৃষকৰ আকস্মিক প্রতিবাদৰ পৰিপ্ৰেক্ষিতত পঞ্জাৱৰ কোনাে এখন ফ্লাইঅ’ভাৰত আধা ঘণ্টা ৰৈ থাকিবলগীয়া হােৱাটো অথবা গন্তব্যস্থলৰ আদবাটৰ পৰাই উভতিবলগীয়া হােৱাটো দেশৰ বাবেই অপমানজনক নহয় নে?

তেনেদৰেই অসমত মােদীক ৰিক্সাৱালায়াে চৰিয়াব বুলি কোনাে স্থানীয় নেতাই কোৱাটো অথবা পশ্চিমবংগ, তেলেংগানা আদিত সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে সাক্ষাৎ নকৰাটোৱে প্রধানমন্ত্রীৰ আসনৰ মর্যাদা অৱনমিত কৰা নাইনে? বিৰােধী দলৰ চৰকাৰ শাসিত ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰচাৰ সভাত প্রধানমন্ত্রী মােদীয়ে সংশ্লিষ্ট চৰকাৰৰ বিভিন্ন ব্যর্থতা অথবা দুর্নীতিক লৈ অতি সৰৱ হৈ পৰা দেখা গৈছে।

তেনে চৰকাৰৰ মুৰব্বী নেতাসকলৰ বিৰুদ্ধে কুৰুচিপূর্ণ বক্তব্যও প্ৰকাশ কৰি আহিছে। ভাৰতীয় জনতা পার্টি নেতাৰূপে ভাষণ দিলেও তেওঁক কিন্তু ৰাইজে দলীয় ৰাজনীতিৰ ঊর্ধ্বৰ প্ৰধানমন্ত্রীৰূপেই চায় অথবা তেওঁৰ ভাষণ শুনে। গতিকে দেশৰ কোনাে এখন ৰাজ্য যদিহে উন্নয়নৰ দিশত পিছপৰি ৰয়, তেন্তে তাৰ দায়ৰ পৰা প্ৰধানমন্ত্রীও সম্পূৰ্ণৰূপে সাৰি নাযায়।

ভাৰতৰ দৰে যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ দেশত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মিলিয়েই উন্নয়ন প্রক্রিয়া আগবঢ়াই নিয়াটো পৰম্পৰা। সেয়েহে ৰাজ্যৰ ব্যর্থতাৰ ভাৰ গ্ৰহণৰ পৰা কেন্দ্রই মূৰ পােলােকা দিব নােৱাৰে। দ্বিতীয়তে, বিধানসভা নির্বাচনসমূহত প্রধানমন্ত্রী মােদীৰ অতি সক্রিয়তাই বিজেপিলৈকো কেতবােৰ প্ৰশ্নৰ উদ্রেক ঘটায়।

সন্দেহ নাই, সাম্প্রতিক সময়ছােৱাত মােদীয়ে দলৰ সর্বাধিক জনপ্রিয় তথা চমৎকাৰী নেতা। ভােটাৰক আকর্ষণ কৰিব পৰা মােদীৰ সমকক্ষ আন কোনাে নেতা বিজেপি বাদেই আজি সমগ্ৰ দেশতে বিৰল। সেয়েহে প্ৰতিটো নির্বাচনতে মােদীৰ ওপৰতে সর্বাধিক ভৰসা কৰি আহিছে বিজেপিয়ে।

কিন্তু সমান্তৰালভাৱে ই বিজেপিৰ আন নেতাসকলৰ বিশেষকৈ ৰাজ্যিক নেতাসকলৰ সামৰ্থক লৈও প্রশ্নচিহ্ন আনি দিছে। তদুপৰি ইয়াৰ জৰিয়তে প্রধানমন্ত্রীৰ ওপৰত অযথা বােজা জাপি দিয়াৰ ফলত স্বাভাৱিকতে দেশৰ কাম-কাজৰ ক্ষতি হােৱা নাই জানাে?

ইয়াতেই প্রশ্ন উত্থাপিত হয় যে প্রধানমন্ত্রী হলেও ৰাজনৈতিক দলৰ নেতা এজনে নির্বাচনী অভিযানত জড়িত নােহােৱাটো সম্ভৱ জানাে? এই কথা ঠিক যে ৰাষ্ট্ৰপতিৰ দৰে প্রধানমন্ত্রীগৰাকী ৰাজনৈতিক কার্যকলাপৰ পৰা বিৰত থকাটো সম্ভৱ নহয়; কিন্তু ৰাজ্যৰ বিধানসভা নির্বাচনসমূহত প্রয়ােজনাধিক সক্রিয় হােৱাৰ পৰা বিৰত থকাটো অসম্ভৱ নিশ্চয় নহয়।

সংসদীয় নির্বাচন অথবা ৰাষ্ট্রীয় পর্যায়ৰ কাৰ্যসূচীতে প্রধানমন্ত্রীয়ে নিজকে আৱদ্ধ কৰি ৰাখিব পাৰিলে হয়তাে এই ক্ষেত্ৰত কিছু পৃথক ছবি দেখা যাব। ভাৰতৰ দৰে দেশত প্রধানমন্ত্রী পদলৈ নির্বাচিত হােৱা মানেই ৰাজনীতি তথা ক্ষমতাৰ চূড়াত আৰােহণ কৰাৰ লেখীয়াই।

গতিকে তাৰ পাছত আৰু যিহেতু আৰােহণ কৰিবলগীয়া একো নাই, সেয়েহে স্খলন নােহােৱাকৈ থকাটোৱে বাঞ্ছনীয়। গতিকে প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যিক পর্যায়ত কিছু উদাৰতা প্রদর্শন কৰাই কাম্য। তদুপৰি দলীয় নেতাৰ প্রশাসনৰ মুৰব্বীৰ মাজৰ পার্থক্য সম্পর্কেও সংশ্লিষ্ট ব্যক্তিসকল সচেতন হােৱাটো বাঞ্ছনীয়।

দলীয় নেতা একোজনে চৰকাৰী ক্ষমতা লাভৰ অন্তত কেৱল এটা দলৰ নেতা হৈ নাথাকে, তেওঁ হৈ পৰে ৰাজনৈতিক দল নির্বিশেষে জাতি-গােষ্ঠী-ধর্ম-ভাষাৰ ঊর্ধ্বৰ এগৰাকী সর্বগ্রহণযােগ্য নেতা। তেনে মর্যাদাসম্পন্ন চূড়াৰ পৰা সংকীর্ণ দৃষ্টিকোণেৰে চাবলৈ হ’লে নিশ্চয় নিজকে হেয় কৰা হ’ব আৰু তেনে নেতাই সার্বজনীনতা হেৰুৱাব।

এনে পৰিপ্ৰেক্ষিতত সাম্প্রতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে এই কথাই মনলৈ আহে যে মাছ মূৰৰ পৰাই গেলিছে। মােদীৰ কেতবােৰ ভাষ্য যে প্রধানমন্ত্রীৰ আসনৰ লায়েক নহয় তাৰ উল্লেখ বাহুল্য মাথােন। দুর্ভাগ্যজনকভাৱে মােদীৰ এনে কুৰুচিপূর্ণ বক্তব্যই কনিষ্ঠ নেতাসকলক যে উৎসাহিত কৰি আহিছে, প্রতিদিনে দেশৰ কোনাে এক স্থানত তাৰ দৃষ্টান্ত দেখা গৈছে। দুই-এক অত্যুৎসাহী মুখ্যমন্ত্রীয়েও সেয়ে সকলাে সীমা চেৰাই বিৰােধী নেতাক আক্রমণ কৰি দেশৰ ঐতিহ্য পৰম্পৰালৈকে প্রশ্নচিহ্ন আনি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d