২০২১ৰ ডিচেম্বৰৰ ঘটনাৰ যেন পুনৰাবৃত্তি ঘটিল পাকিস্তানত । শনিবাৰে, দেশখনৰ পঞ্জাৱ প্রদেশৰ খানেলৱাল জিলাত এজন মধ্য বয়সীয়া লোকক গছত ওলমাই শিলাবৰ্ষণ কৰে উত্তেজিত জনতাই । সংশ্লিষ্ট লোকজনৰ ‘অপৰাধ’, তেওঁ কোৰানৰ কেইখনমান পৃষ্ঠা ফালি ধর্মগ্রন্থৰ অৱমাননা কৰিছে !
সংবাদমাধ্যম সূত্রে খবৰ, খানেলৱাল জিলাৰ জংঘল ডেৰা গাঁৱত শনিবাৰে নিহত লোকজনে কোৰানৰ কেইখনমান পৃষ্ঠা ফালি জ্বলাই দিয়ে । লগে লগে অঞ্চলটোত উত্তেজনক পৰিস্থিতিৰ সৃষ্টি হয় । ‘অভিযুক্ত’ লোকজনক প্ৰহাৰ কৰিবলৈ লয় এদল উত্তেজিত গাঁওবাসীয়ে । তাৰ পাছত তেওঁক এজোপা গছত ওলমাই দিয়া হয় । তাৰ পছতেই আৰম্ভ হয় ইটা আৰু শিলাবৰ্ষণ । কিছু সময়ৰ পাছতেই তেওঁৰ মৃত্যু হোৱাত গছতেই বান্ধি ৰখা হয় শৰীৰতো ।
সংবাদমাধ্যম সূত্রে খবৰ, প্রত্যক্ষদর্শীসকলে জনাইছে লোকজনে বাৰে বাৰে নিজকে নির্দোষী বুলি দাবী কৰি আছিল । কিন্তু উত্তেজিত জনতাই সেই কথাত কাণসাৰ নিদিয়ে । ইয়াৰ উপৰি, আৰক্ষীৰ এটা দলে ধর্মগ্রন্থ অৱমাননাৰ অভিযোগ লাভ কৰি গাঁৱত আহি প্রথমে লোকজনক আটক কৰে । কিন্তু আৰক্ষীৰ হাতৰ পৰা কাঢ়ি নি তেওঁৰ ওপৰত জঁপিয়াই পৰে ক্ষুব্ধ জনতা । এই বিষয়ত বিশেষ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । পঞ্জাৱ প্রদেশৰ মুখ্যমন্ত্রী উছমান বুজদাৰে বিশেষ প্ৰতিবেদন বিচাৰিছে ।