Yogi Adityanath : ভাৰত সংবিধান দ্বাৰা পৰিচালিত হ’ব, শ্বৰিয়তৰে নহয়, যোগী আদিত্যনাথ

1641344227 yogi

‘কয়ামত’ পর্যন্ত বিৰোধীৰ ‘গজোৱা-ই-হিন্দ’–ৰ স্বপ্ন পূৰণ নহ’ব । উত্তৰ প্রদেশত বিধানসভা নিৰ্বাচনত এই মন্তব্য কৰিলে মুখ্যমন্ত্রী যোগী আদিত্যনাথে । তেওঁ লগতে কয়, ‘‘ভাৰত পৰিচালিত হ’ব সংবিধানেৰে, শ্বৰিয়ত আইনেৰে নহয় ।’’

সম্প্রতি সংবাদ সংস্থা এএনআই-ক এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী আদিত্যনাথে কয়, ‘‘এই ভাৰত নতুন ভাৰত । বিশ্বৰ আটাইতকৈ জনপ্রিয় নেতা নৰেন্দ্র মোদীৰ পৰিচালিত ভাৰত । এই নতুন ভাৰতত উন্নয়নেই লক্ষ্য । ইয়াত কোনো স্বজনপোষণৰ স্থান নাই ।’’ বিজেপি নেতাজনে লগতে কয়, ‘‘কেন্দ্রীয় চৰকাৰৰ লক্ষ্য সকলোৰে উন্নয়ন, সকলোৰে বিশ্বাস অর্জন কৰা । নতুন ভাৰত পৰিচালিত হ’ব সংবিধানেৰে, শ্বৰিয়তৰে নহয় ।’’

একেই কথা নিজৰ টুইটাৰ হেণ্ডলতো পোষ্ট কৰিছে যোগী আদিত্যনাথে । সাক্ষাৎকাৰত কর্নাটকত চলা হিজাব-বিতর্কক লৈও মন্তব্য কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীয়ে । তেওঁ জনায়, বিদ্যালয়, মহাবিদ্যালয়ত সকলোৱে একেই পোছাক পৰিধান কৰা উচিত আৰু গেৰুৱা চাদৰ ব্যৱহাৰ কৰিবলৈ জোৰ কৰাও উচিত নহয় । কৰাও নহয় । তেওঁ আৰু কয়,‘‘যেতিয়া কোনোৱে প্রতিষ্ঠানক লৈ কথা কয়, সেই প্রতিষ্ঠানৰ প্রতিটো নীতি তেওঁ মানি চলা উচিত । তেনেদৰেই ৰাষ্ট্ৰীয় ক্ষেত্রৰ নীতি পৰিচালিত হয় দেশৰ সংবিধানেৰে । অন্য একো নহয় ।’’

এই পৰিপ্রেক্ষিততে মিম প্রধান আছাদউদ্দিন ওৱেছিক তেওঁ কটাক্ষ কৰে । মিম নেতাৰ ‘‘হিজাব পৰিধান কৰা মহিলাই দেশৰ প্রধানমন্ত্রী হ’ব’’ মন্তব্য প্রসংগত তেওঁৰ প্রতিক্রিয়া, ‘‘দেশৰ প্রত্যেক মহিলাৰ স্বাধীনতা আৰু অধিকাৰ ৰক্ষা কৰাই বিজেপি চৰকাৰৰ উদ্দেশ্য । এই লক্ষ্যৰেই প্রধানমন্ত্রী মোদীয়ে তিনি তালাক বন্ধ কৰিছে । আমি নিশ্চিত কৰিব বিচাৰো, শ্বৰিয়তি আইনেৰে দেশ নচলে ।’’

Exit mobile version