নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীৰ পৰীক্ষা ল’লে গাঁওবাসীয়ে

যোগ্য প্ৰাৰ্থী নিৰ্ণয় কৰাৰ বাবেই মৌখিক-লিখিত পৰীক্ষাৰ আয়োজন

Screenshot 297

কেতিয়াও কোনেও নুশুনা এক ঘটনা সংঘটিত হ’ল ওড়িছাত । নিৰ্বাচনৰ পূৰ্বে ‘প্ৰৱেশিকা পৰীক্ষা’ত বহিবলগীয়া হ’ল প্ৰাৰ্থীয়ে । গাঁওবাসীয়েই প্ৰাৰ্থীসকলৰ যোগ্যতা নিৰ্ণয় কৰাৰ বাবে এই ‘পৰীক্ষা’ৰ ব্যৱস্থা কৰিছিল । ওড়িছাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগদিনা এই পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব । এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে প্ৰাৰ্থীয়ে ভোট পাব বুলি গাঁওখনৰ এক সূত্ৰ‌ই জনাইছে । এই আজৱ কাণ্ড সংঘটিত হৈছে ওড়িছাৰ সুন্দলগড় জিলাৰ আদিবাসী অধ্যুষিত মালুপাদা গাঁৱত ।

অহা সপ্তাহত ওড়িছাত তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । সেই নিৰ্বাচনৰ বাবেই একাংশ প্ৰাৰ্থীৰ মাজত মালুপাদা গাঁৱৰ বাসিন্দাসকলে পৰীক্ষাৰ ব্যৱস্থা কৰে । স্থানীয় সূত্ৰ‌ই জনোৱা মতে, প্ৰাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ মৌখিক আৰু লিখিত ‘প্ৰৱেশিকা পৰীক্ষা’ৰ আয়োজন কৰা হয় । উক্ত গাঁওখন কুটৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত । উক্ত পঞ্চায়তত ১৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হ’ব ।

যোৱা সপ্তাহত স্থানীয় স্কুল চৌহদত আয়োজিত এখন সভালৈ উক্ত পঞ্চায়তৰ মুঠ নজন প্ৰাৰ্থীক আমন্ত্ৰণ জনোৱা হয় । তাতেই তেওঁলোকৰ বাবে ‘পৰীক্ষা’ৰ ব্যৱস্থা কৰা হৈছিল । এই কথা জনাইছে উক্ত ‘পৰীক্ষা’ত অংশ লোৱা এজন প্ৰাৰ্থীয়ে । নজন প্ৰাৰ্থীক আমন্ত্ৰণ জনোৱা হ’লেও এজন উক্ত পৰীক্ষাত উপস্থিত নাছিল । বাকী আঠজন প্ৰাৰ্থীক লৈ নিশা আঠ বজালৈকে সেই পৰীক্ষা চলে । কিয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, পঞ্চায়ত প্ৰাৰ্থীৰূপে পাঁচটা লক্ষ্য, কল্যাণমূলক কামত জড়িত থকাৰ বিস্তাৰিত বিৱৰণ, পঞ্চায়ত আৰু গাঁৱৰ তথ্য সংক্ৰান্তীয় প্ৰশ্নৰ উত্তৰ মৌখিক আৰু লিখিতভাৱে দিবলগীয়া হয় প্ৰাৰ্থীসকলে । অহা ১৭ ফেব্ৰুৱাৰীত পৰীক্ষাৰ ফল প্ৰকাশ পাব ।

এই পদক্ষেপ সম্পৰ্কে স্থানীয় খণ্ড উন্নয়ন বিষয়া তথা নিৰ্বাচনী বিষয়া ৰবীন্দ্ৰ শেঠীয়ে কয়, ‘এইধৰণৰ কোনো চৰকাৰী ব্যৱস্থা নাই । ম‌ই খবৰ পাইছো, কিন্তু কোনেও অভিযোগ দাখিল কৰা নাই । অভিযোগ পালে বিষয়টো তদন্ত কৰি চোৱা হ’ব ।’ উল্লেখ্য যে পঞ্চায়তৰ পৰা আৰম্ভ কৰি লোকসভা পৰ্যন্ত যিকোনো স্তৰৰ নিৰ্বাচনতে প্ৰায়েই প্ৰাৰ্থীৰ যোগ্যতা সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উঠে । বহু ক্ষেত্ৰত অভিযোগ উঠে যে যিসকলে বিভিন্ন দলৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰে, তেওঁলোকে নিজৰ অঞ্চলটোৰ বিষয়েই ভালদৰে অৱগত নহয় । এই সূত্ৰতে উঠে দিয়া-লোৱাৰ প্ৰসংগ‌ও । অথচ এইদৰে প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ণয়ৰ পৰীক্ষাও দেশত নজিৰবিহীন ।

Exit mobile version