মাত্ৰ এক ছেকেণ্ডৰ পাৰ্থক্য হয়তো এক ছেকেণ্ডো সম্পূৰ্ণ নহয়। সেই সামান্য পাৰ্থক্যই নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিলে এজন বাইক আৰোহীক ।
দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ সন্মুখত পৰিল এজন বাইক চালক । শেষ মুহূৰ্তত বুজিব পাৰি বাইক পেলাই দৈৰিবলৈ চেষ্টা কৰিলে বাইক আৰোহীজন। কিন্তু উঠাৰ আগতে,সন্মুখত ধুমুহাৰ গতিত আহি পৰিল ৰেল ।
ৰেলৰ এটা খুন্দাত ভাঙি পৰিল তেওঁৰ বাইক । শৰীৰত সামান্য আঘাত পায় যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰিল আৰোহীজনৰ । ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈ পৰিছিল আৰু এই ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত।
চিচিটিভি ফুটেজৰ তাৰিখ অনুসৰি, ঘটনাটো শনিবাৰে অর্থাৎ ১২ ফেব্ৰুৱাৰী, দুপৰীয়া সংঘটিত হয় ।
ভিডিঅ’টোত দেখা গৈছে যে ৰে’লৱে ক্ৰছিঙত গেট বন্ধ থকা স্বত্বেও বাইক আৰোহীজনে লাইন পাৰ হৈছে। হঠাতে তেওঁৰ ওপৰত পোহৰ আহি পৰিল । দেখা গৈছে যে বাইকখন পেলাই তেওঁ যাবলৈ চেষ্টা কৰিছে।
https://twitter.com/rajtoday/status/1493129784314175489?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1493129784314175489%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fa-biker-had-a-narrow-escape-from-rajdhani-express-video-went-viral-dgtlv%2Fcid%2F1328850
মুহূৰ্ততে ৰেলখন আহিল। ৰেলখনৰ সন্মুখত পৰি ভাঙি পৰে বাইক । কঁকালত খুন্দা মৰা যাত্ৰীৰ ৰেলখন তীব্ৰ গতিত তেওঁৰ শৰীৰৰ কাষেদি পাৰ হৈ যায় । কথমপি ৰক্ষা পৰে বাইক আৰোহীজন।
ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে, বহুলোকে আৰোহীজনৰ অত্যাধিক লৰালৰি আৰু বাস্তৱ জ্ঞানহীনতাৰ সমালোচনা কৰে।
অৱশ্যে, কিছুমানে ৰে’লৱেৰ অৱহেলাৰ বিষয়েও কৈছে। ৰাজধানীৰ দৰে দ্ৰুত গতিৰ ৰেল যেতিয়া আহিছে,তেতিয়া সাম্ভাব্য বিপদাশংকাৰ কথা বিবেচনা কৰি, ৰে’লৱে গাৰ্ড তাত উপস্থিত থাকিব লাগে! কিন্তু এই ক্ষেত্ৰত, কোনো ৰে’লৰক্ষীয়ে বাইক আৰোহীসকলক বাধা দিয়া দেখা নাছিল।