বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ঘোষণা কৰিছিল যে, ক্ষমতাত আহিলে ৰাজ্যত ফ্রি কৰ’না টিকা দিয়া হ’ব । এইবাৰ উত্তৰ প্রদেশত বৃহৎ ঘোষণা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ।
মঙলবাৰে উত্তৰ প্রদেশৰ দিব্যপুৰৰ জনসভাত গৃহমন্ত্ৰী শ্বাহে কয়, ‘অহা ১৮ মার্চত ফাকুৱা । ১০ মার্চত ৰাজ্যই বিধানসভা নির্বাচনৰ (Uttar Pradesh Assembly Election 2022) ফলাফল ঘোষণা কৰিব । সেই দিনাখন বিজেপিক ক্ষমতাত আনক । ১৮ তাৰিখে আপোনালোকৰ ঘৰত ফ্রি গেছ চিলিণ্ডাৰ (LPG) পঠাই দিয়া হ’ব । অনাগত পাঁচ বছৰত কোনো কৃষকে বিদ্যুতৰ বিল দিব নালাগে ।’
উল্লেখ্য, উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ দুটা পৰ্যায় সমাপ্ত হৈছে । এই দুই পৰ্যায়ত সমাজবাদী পার্টীয়ে (SP) হাঁহি মাৰিব পৰা নাই বুলি দাবী কৰে গৃহমন্ত্ৰী শ্বাহে । তেওঁ কয়, ‘যোৱা দুই পৰ্যায়তৈ সমাজবাদী পার্টীৰ নাম মচি গৈছে । ৰাজ্যত বিজেপি চৰকাৰক ক্ষমতাত অনাৰ ভিত তৈয়াৰ কৰিছে পশ্চিম উত্তৰ প্রদেশে (Western UP) । তৃতীয় পৰ্যায়ত ব্যৱধান আৰু বাঢ়িব ।’
অখিলেশ যাদৱক লক্ষ্য কৰি গৃহমন্ত্ৰী শ্বাহে (Amit Shah) কয়, ‘অখিলেশ যাদৱে (Akhilesh Yadav) প্রশ্ন উত্থাপন কৰিছিল আমি কি কৰিছো । যদি কোনোৱে হালধীয়া বৰণৰ চশমা পৰিধান কৰি থাকে তেন্তে তেওঁ সকলো হালধীয়াই দেখিব । অখিলশৰ আমোলত গুলি প্ৰস্তুত হৈছিল ৰাজ্যত । এইবাৰ পাকিস্তানৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে বোমা প্ৰস্তুত কৰা হ’ব ।’