পূব ইউৰোপৰত বিপদজনক হাৰত বৃদ্ধি পাইছে ক’ভিড,সতৰ্ক কৰিলে WHO ৱে

Europe

সামগ্ৰিকভাৱে, ক’ভিডৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি, বহুতো দেশে প্ৰতিবন্ধকতা শিথিল কৰা আৰম্ভ কৰিছে। যদিও পূৱ ইউৰোপৰ কেবাখনো দেশত, নতুনকৈ বিপুল হাৰত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ ।

এই অৱস্থাত সতৰ্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই । তেওঁলোকৰ মতে, এতিয়া নিষেধাজ্ঞা উঠাই লোৱাৰ সময় নহয়। ই বিপৰীত হ’ব পাৰে। একে সময়তে দেশসমূহক কৰ’না টিকাকৰণৰ গতি বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিলে হু -য়ে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ক’ভিডৰ তৃতীয় ঢৌৱে পূৱ ইউৰোপীয় কেবাখনো দেশত এক নতুন ঢৌৰ সৃষ্টি কৰিছে। আৰ্মেনিয়া, আজাৰবাইজান, বেলাৰুছ, জৰ্জিয়া, ৰাছিয়া আৰু ইউক্ৰেইনত এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপীয় আঞ্চলিক মুৰব্বী হান্স ক্লুগে কয় “পূৱ ইউৰোপীয় কেবাখনো দেশত যোৱা কেইদিনমানত সংক্ৰমণ দুগুণতকৈও অধিক হৈছে। এই পৰিস্থিতিত, দেশবোৰে নতুন নিষেধাজ্ঞাৰ ওপৰত জোৰ দিব লাগিব। ইয়াৰ লগতে টিকাকৰণৰ গতি বৃদ্ধি কৰিব লাগিব। “

বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক মুৰব্বীয়ে লগতে কয়, “যদি আমি ক’ভিড সংক্ৰমণ হ্ৰাস কৰিব বিচাৰো তেন্তে এই মুহূৰ্তত প্ৰতিবন্ধকতা উঠাই ল’ব নোৱাৰি। দেশখনৰ টিকাকৰণ অভিযানক লৈ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, “বছনিয়া, বুলগেৰিয়া, কিৰগিজস্তান, ইউক্ৰেইন আৰু উজবেকিস্তানৰ দৰে দেশত এতিয়ালৈকে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ মাত্ৰ ৪০ শতাংশই ভেকছিনৰ দুটা পালি লাভ কৰিছে।” এইটো হতাশাজনক। “

আজিৰ দিনটোতে, বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ আঞ্চলিক মুৰব্বীয়ে দেশসমূহক টিকাকৰণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছিল। “প্ৰশাসনে সেই ক্ষেত্ৰবোৰ চিনাক্ত কৰিব লাগিব য’ত ভেকছিনৰ চাহিদা কম। অঞ্চলটোৰ লোকসকলে কিয় টিকাকৰণ কৰা নাই জানি চৰকাৰে জৰুৰী ভিত্তিত উপযুক্ত ব্যৱস্থা ল’ব লাগিব। “

পূৱ ইউৰোপীয় দেশবোৰৰ উপৰিও, হংকং আৰু দক্ষিণ কোৰিয়াত যোৱা সপ্তাহৰ তুলনাত সংক্ৰমণ বৃদ্ধি পাইছে। চীনৰ শীতকালীন অলিম্পিক সমিতিয়ে কয় যে গেমছ ভিলেজ কমিটিৰ দুজন সদস্য কৰ’নাত সংক্ৰমিত হয়।

Exit mobile version