ৰুছ-ইউক্রেইন সংঘাতৰ প্ৰভাৱ : এশ ডলাৰৰ অধিক হ’ব পাৰে খাৰুৱা তেলৰ মূল্য

merlin 200240736 75a92507 77bf 4a2e b61f 506a09c4012f articleLarge

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধসদৃশ পৰিবেশ অব্যাহত আছে। যিকোনাে মুহূর্ততে ৰাছিয়াই ইউক্রেইনত আক্রমণ চলাব পাৰে বুলি শংকা কৰা হৈছে।

ইতিমধ্যে ৰুছ সেনাই ইউক্রেইনক সকলাে দিশৰ পৰা আগুৰি ধৰিছে। ৰুচ্ছ-ইউক্রেইন সংঘাতৰ ফলত আকৌ এবাৰ বিশ্বজুৰি তেলৰ বজাৰত ব্যাপক মূল্যবৃদ্ধিৰ শংকা প্ৰকট হৈছে।

বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি, ৰুচ্ছ-ইউক্রেইন সংঘাতৰ পৰিণতিত অচিৰে খাৰুৱা তেলৰ মূল্য অত্যধিক বৃদ্ধি হ’ব পাৰে। ৰাছিয়াই এদিনত এক কোটি বেল খাৰুৱা তেল উৎপাদন কৰে আৰু এয়া হৈছে বিশ্বৰ মুঠ চাহিদা প্রায়
১০ শতাংশ।

খাৰুৱা তেলৰ লগতে ইউৰােপক প্রাকৃতিক গেছৰৰ যােগান ধৰি আহিছে ৰাছিয়াই। যদিহে যুদ্ধৰ কাৰণত তেল আৰু গেছৰ যােগান হ্রাস পায়, তেন্তে এনেবােৰ ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হােৱাৰ শংকা আছে।

চাহিদাৰ তুলনাত যােগান কম হােৱাৰ ফলত ইতিমধ্যে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ প্ৰতি বেৰলৰ মূল্য ৯০ ডলাৰলৈ বৃদ্ধি পাইছে আৰু এয়া হৈছে ২০১৪ বৰ্ষৰ পাছত সৰ্বাধিক মূল্য।

বাণিজ্যিক বিশ্লেষকৰ মতে, ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ হলে অচিৰে খাৰুৱা তেলৰ প্ৰতি বেৰলৰ মূল্য এশ ডলাৰতকৈ অধিক হােৱাৰ শংকা আছে।

ইফালে, ইউৰােপত শেহতীয়াভাৱে প্রাকৃতিক গেছৰ মূল্য প্রায় ছয় শতাংশ বৃদ্ধি পাইছে। যুদ্ধ হলে ইউৰােপলৈ ৰাছিয়াৰ প্ৰাকৃতিক গেছৰ যােগান প্ৰভাৱিত হােৱাটো নিশ্চিত আৰু ইয়াৰ পৰিণতিত এইবিধ ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ শংকা আছে।

Exit mobile version