Viral :’ৰাশি বেৱাফা হে’ ! ২০ টকাৰ নোটত লিখা ৰাশিক লৈ এতিয়া তোলপাৰ সামাজিক মাধ্যম

1644988177 rashi

‘ৰাশি বেৱাফা হে’। ২০ টকাৰ নোটত ইংৰাজীত লিখা এই কেইটামান হিন্দী শব্দই এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত।

দুদিনৰ আগতেই আছিল প্ৰেমৰ দিৱস ভেলেণ্টাইন দে । তাৰ পাছতেই, ২০ টকীয়া নোটত থকা এই লিখাক লৈ নেটিজেনসকলৰ কৌতূহলৰ কোনো অন্ত নাই।

সামাজিক মাধ্যমত এতিয়া মাত্ৰ এটাই প্ৰশ্ন , ‘এই ৰাশি আকৌ কোন?’ টুইটাৰত এই পোষ্টটোৰ বিষয়ে বিভিন্ন মিমৰ ট্ৰেণ্ড চলিছে।

২০১৬ চনতো এনে এটা পোষ্ট কোনোৱে শ্বেয়াৰ কৰিছিল ।এইবাৰ ভাইৰেল হোৱা এই প্ৰবন্ধটোৱে ২০১৬ চনত ভাইৰেল হোৱা পোষ্টৰ স্মৃতি পুনৰ জাগ্ৰত কৰিছে।

তেতিয়াও ভাইৰেল হোৱা নোটত লিখা আছিল ‘সোনম গুপ্তা বেৱাফা হে’ । কিন্তু সেই সোনম কোন আছিল? সেইয়া ৰহস্যই হৈ থাকিল । সোনমৰ পাছত, এইবাৰ নতুন চৰিত্ৰত ৰাশি।

Exit mobile version