‘কোনেও নিজৰ ইচ্ছামতে হিজাব পৰিধান নকৰে, জোৰ কৰি পিন্ধোৱা হয়, বিস্ফোৰক দাবী যোগী আদিত্যনাথৰ

xyogi lok

হিজাব বিতর্কক লৈ এইবাৰ মুখ খুলিলে উত্তৰ প্রদেশৰ বিদায়ী মুখ্যমন্ত্রী যোগী আদিত্যনাথে । তে হিজাব পৰিধান কৰাৰ বিৰোধিতা কৰি কয়, কোনো মহিলাই নিজৰ ইচ্ছাত হিজাব পৰিধান নকৰে । তেওঁক জোৰ কৰি হিজাব পিন্ধিবলৈ বাধ্য কৰা হয় । যেনেদৰে কোনো মুছলমান মহিলাই নিজ ইচ্ছা মতে তিনি তালাক মানি নলয় । ঠিক সেইদৰে হিজাবো তেওঁলোকে নিজৰ ইচ্ছাত নিপিন্ধে । তেওঁলোকৰ ওপৰত জোৰ কৰি জাপি দিয়া হয় ।

হিজাবৰ প্রতিবাদত যোগী আদিত্যনাথ

এইবাৰ হিজাব পৰিধান কৰাক লৈ মুখ খুলিলে যোগী আদিত্যনাথে । তেওঁ প্রকাশ্যত অভিযোগ কৰিছে যে কোনো মুছলিম নাৰীয়ে নিজৰ ইচ্ছাত হিজাব নিপিন্ধে । তেওঁক হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা হয় । ঠিক যেনেদৰে তিনি তালাক জোৰ কৰি তেওঁলোকৰ ওপৰত জাপি দিয়া হয় তেনেদৰে হিজাবো । মুছলিম মাতৃ-ভগ্নিসকলক সোধক তেওঁলোকৰ সেই কষ্টৰ কথা । প্রকাশ্যত এনেদৰেই দাবী কৰিছে যোগী আদিত্যনাথে ।

হিজাব নির্দেশনাক সমর্থন

যোগী আদিত্যনাথ কর্নাটকৰ হিজাব নির্দেশনাক সমর্থন কৰি কয়, ‘কোনে কি পোছাক পিন্ধিব সেইটো তেওঁৰ নিজৰ পছন্দ । আমিও দপ্তৰৰ লোকক বা দলৰ সকলোকে গেৰুৱা বসন পৰিধান কৰাৰ নির্দেশনা জাৰি কৰিব পাৰো নেকি । সেইটো কেতিয়াও কৰিব নোৱাৰো । কিন্তু এটা শিক্ষা প্রতিষ্ঠনত নিয়মানুৱর্তিতা থকা জৰুৰী । সেয়ে এই নির্দেশনা জাৰি কৰা হৈছে ।’ শিক্ষানুষ্ঠানত সকলো শিক্ষাৰ্থী সমান এই ভাবধাৰা গঢ়ি তুলিবলৈ হিজাব নির্দেশনা বুলি জনাইছে যোগী আদিত্যনাথে ।

হিজাব নির্দেশনাক সমর্থন তছলিমা নাছৰিনৰবাংলাদেশৰ বিতর্কিত লেখিকা তছলিমা নাছৰিনেও হিজাব নির্দেশনাক সমর্থন জনাইছে । তেওঁ কয় হিজাব, বোৰ্খা বা নাকাব পিন্ধোৱা হয় মহিলাসকলক । এইটো তেওঁলোকৰ ওপৰত একপ্ৰকাৰৰ উৎপীড়ন বুলিয়ে ক’ব পাৰি । সেয়ে তেওঁলোকে এনেকুৱা কৰিছে বুলিও অভিযোগ কৰে তছলিমা নাছৰিনে । তেওঁ কয় সকলোৰে ধর্মীয় স্বাধীনতা থকা প্ৰয়োজন । কিন্তু শিক্ষানুষ্ঠানত সেইটো জৰুৰী নহয় । ধর্মতকৈ অধিক জৰুৰী শিক্ষা । তেওঁ কয় হিজাব সিমান জৰুৰী নহয় ।

হিজাব সিদ্ধান্তত অটল কর্নাটক চৰকাৰ

হিজাব বিতর্কৰ তীব্ৰতৰ হৈ পৰিছে কর্নাটকত । মহাবিদ্যালয়ত হিজাব পৰিধান কৰি যাব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰা হৈছে । ইয়াকে লৈ বিভিন্ন মহাবিদ্যালয়ত বিক্ষোভ আৰম্ভ হৈছে । সম্প্ৰতি এই আন্দোলন সমগ্ৰ দেশতে বিয়পি পৰিছে । হিজাবক লৈ উত্তাল হৈ পৰিছে ৰাজনৈতিক মহল । ইয়াকে লৈ বিজেপিক আক্রমণ কৰিছে কংগ্রেছে । কর্নাটক চৰকাৰে অৱশ্য সিদ্ধান্তত অটল । কোনো কাৰণতেই এই নির্দেশনা প্রত্যাহাৰ কৰা নহয় বুলি জনোৱা হৈছে ।

Exit mobile version