চৰকাৰী শিক্ষানীতি‌য়ে অসমৰ শিক্ষা ক্ষেত্ৰখন জাকত জিলিকা কৰি তুলিব : বিধায়ক ফনীধৰ তালুকদাৰ

বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উজ্বলিল ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ক্ৰীড়া সমাৰোহ

WhatsApp Image 2022 02 17 at 5.33.16 PM

“অসমৰ শিক্ষা ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে বিশেষ গুৰুত্ব আৰোপ কৰিছে । ইতিমধ্যে শৈক্ষিক ক্ষেত্ৰখন এটাৰ পাছত এটাকৈ উন্নয়নৰ যাত্ৰা অব্যাহত আছে । চৰকাৰী শিক্ষানীতিয়ে অসমৰ শিক্ষা ক্ষেত্ৰখন জাকত জিলিকা কৰি তুলিব ।” এইদৰে কয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত ।

বিধায়ক তালুকদাৰে তেওঁৰ ভাষণত শৈক্ষিক ক্ষেত্ৰখনত পাঠ্যপুথিৰ শিক্ষাৰ সমান্তৰালকৈ ক্ৰীড়া আৰু সংস্কৃতিৰ শিক্ষাৰো প্ৰয়োজনীয়তা অধিক বুলিও মন্তব্য কৰে । লগতে তেওঁ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে । উল্লেখ্য যে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ভৱানীপুৰত উলিওৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপ-ৰেখা প্ৰদৰ্শিত দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাত বিধায়ক ফনীধৰ তালুকদাৰ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ লগতে অধ্যাপক সকলেও অংশগ্ৰহণ কৰে ।

মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আৰম্ভণিতে অধ্যাপক ৰাজু কুমাৰ দাসৰ পৰিচালনাত সমাজ সেৱা কাৰ্যক্ৰমণিকা ৰূপায়িত হয় । ইয়াৰ পাছতে মহাবিদ্যালয়ৰ পতাকা আৰু ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ক্ৰমে, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মা, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ছায়নজ্যোতি দাস আৰু উপ সভাপতি শ্যামল কলিতাই । সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ভৱানীপুৰ আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি অংকুৰ তালুকদাৰে । শ্বহীদ তৰ্পণ কৰে অধ্যাপক ড° শ্বাহ আলমে আৰু স্মৃতি তৰ্পণ কৰে অধ্যাপক দিলীপ কুমাৰ ডেকাই । বাৰ্ষিক ক্ৰীড়া সমাৰোহ উদ্বোধন কৰে অসম ৰঞ্জী খেলুৱৈ কৃষ্ণ দাসে । শিখা প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈ ইমৰান হুছেইনে ।

উল্লেখ্য যে আজিৰে পৰা তিনিদিনীয়াকৈ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে বাৰ্ষিক মহাবিদ্যালয় ক্ৰীড়া সমাৰোহ । এই উপলক্ষে মহাবিদ্যালয় চৌহদত ক্ৰীড়া-সংস্কৃতিৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ।

Exit mobile version