বিক্ষোভ নিয়ন্ত্ৰণৰ বাবে ৫০ বছৰৰ পাছত জৰুৰী অৱস্থা ঘোষণা কানাডাত

justin

বিগত কেবাদিন ধৰি কানাডা-আমেৰিকাৰ সীমান্তত আৰু ৰাজধানী অট’ৱাৰ ৰাজপথত কমেও চাৰিশ ট্রাকসহ বিক্ষোভ প্রদর্শন অব্যাহত ৰাখিছে কানাডাৰ একাংশ ট্রাকচালকে।

আন্তর্জাতিক ট্রাকচালকৰ ক্ষেত্ৰত ক’ভিড প্রতিষেধক গ্রহণ বাধ্যতামূলক কৰাৰ পাছতে ৰাজপথত সমৱেত হৈ সেইসকল ট্রাকচালকে কানাডাত আন্দোলন আৰম্ভ কৰিছিল।

প্রতিষেধক বিৰােধী এই আন্দোলনে অতি কমসময়ৰ ভিতৰত ব্যাপক ৰূপ ধাৰণ কৰাত অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশত জৰুৰীকালীন অৱস্থা ঘােষণা কৰিবলৈ বাধ্য হ’ল কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্ৰুডু।

উল্লেখ্য যে বিগত ৫০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কানাডাত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা হ’ল। পাঁচ দশক পূর্বে দেশখনৰ কুইবেকত সন্ত্রাস দমন কৰিবলৈ জৰুৰী অৱস্থা ঘােষণা কৰিছিল তদানীন্তন প্রধানমন্ত্রী তথা ট্ৰুডুৰ পিতৃ পিয়াৰ এলিয়ট ট্ৰুডুৱে।

জৰুৰীকালীন অৱস্থা ঘােষণা কৰি শেহতীয়াকৈ ট্ৰুডুৱে কয় যে বেআইনী আৰু বিপজ্জনক কাম-কাজ অব্যাহত ৰাখিবলৈ চৰকাৰে অনুমতি দিব নােৱাৰে।

Exit mobile version