মেঘালয়ৰ চালাঙৰ কয়লাখনিত বকোৰ দুজন শ্ৰমিকৰ কৰুণ মৃত্যু

WhatsApp Image 2022 02 17 at 8.18.17 PM

কয়লাখনিত অক্সিজেনৰ অভাৱত বিগত কিছুদিন ধৰি নিৰীহ শ্ৰমিকৰ কৰুণ মৃত্যু ঘটিছে । পৰিয়ালৰ ভৰণ-পোষণৰ বাবে নিজৰ জীৱন তুচ্ছ কৰি এইসকল শ্ৰমিকে কয়লাখনিত কাম কৰিবলগীয়া হৈছে । ইয়াৰ মাজত অনুৰূপ ধৰণে যোৱা নিশা বকোৰ দুজন শ্ৰমিকে অক্সিজেনৰ অভাৱত ‌কৰুণভাৱে মৃত্যুক সাৱটি লয় ।

নিহত শ্ৰমিকদ্বয় হৈছে আইনুদ্দিন আলী (২৮) আৰু শুকুৰ আলী (৩০) । আইনুদ্দিনৰ ঘৰ বকোৰ ৩ নং মালিবাৰীত । শুকুৰ আলীৰ ঘৰ বকোৰ বটিয়ামাৰীত । সূত্ৰ অনুসৰি, দুয়ো গৰাকী শ্ৰমিকে বিগত আঠ/ন বছৰ ধৰি কয়লাখনিত শ্ৰমিক হিচাপে কৰ্মৰত আছিল । কালি নিশা শ্ৰমিকদ্বয়ে চাৰি/পাঁচ বছৰ ধৰি বন্ধ হৈ থকা এটা কয়লাখনিৰ ভিতৰত প্ৰৱেশ কৰে । প্ৰায় ছয়গৰাকী শ্ৰমিকে এজন এজনকৈ কয়লাখনিত প্ৰৱেশ কৰে । বাকী কেইজন শ্ৰমিক খনিৰ পৰা ওলাই আহে যদিও বকোৰ শ্ৰমিক দুজন বহু ভিতৰলৈ সোমাই যোৱাত অক্সিজেনৰ অভাৱত ওলাই আহিব নোৱাৰি খনিৰ ভিতৰতে শেষ নিশ্বাস ত্যাগ কৰে ।

এসপ্তাহ পূৰ্বে পৰিয়াল এৰি চালাঙত উপস্থিত হৈছিল । আজি শ্ৰমিকদ্বয়ৰ নশ্বৰ দেহ নিজ নিজ বাসগৃহলৈ নিয়া হয় । শ্ৰমিকদ্বয়ৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে পৰিয়ালৰ লগতে গাঁওবাসী শোকত ভাগি পৰে ।

Exit mobile version