সুৰজিত মহন্তৰ গীত আৰু কবিতা সংকলন ‘তুমি আহিবা বুলি’ৰ উন্মোচন

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজ মজিয়াৰ জেডিৰোডস্থিত কমলা ভৱনত সন্ধিয়া বিশ্ব মহাবীৰ চিলাৰায় ৫১২ সংখ্যক জন্মজয়ন্তী অৰ্থাৎ দিৱসৰ সতে সংগতি ৰাখি এক অনুষ্টুপীয়া অনুষ্ঠানৰ জৰিয়তে সুৰজিৎ মহন্তৰ গীত আৰু কবিতা সংকলন “তুমি আহিবা বুলি“ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে বড়োলেন্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ মূৰব্বী অধ্যাপক ড° ইন্দিৰা বড়োই৷

ADVERTISEMENT

বড়োলেন্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰাতুল ডেকাই আঁত ধৰা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিদ্যা বিভাগৰ মূৰব্বী অধ্যাপক ড°হিল্লোলজ্যোতি সিংহৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্টুপীয়া কাৰ্যসূচীত গোৱালপাৰা আমজঙাস্থিত পন্ডিত দীন দয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি শৰ্মাই সুৰজিত মহন্তৰ গ্ৰন্থখনিত সন্নিবিষ্ট গীত আৰু কবিতাৰ বিষয়বস্তুৰ ওপৰত সংক্ষেপ সাৰুৱা অৰ্থৱহ বক্তব্য আগবঢ়ায়৷

Exit mobile version