কোচৰাজবংশী জাতীয় ছহিদক লৈ কৰা বিতৰ্কৰ অৱসান হওক, দাবী কেএচিৰ ইএম কৰ্মেশ্বৰ ৰায়ৰ

WhatsApp Image 2022 02 17 at 7.30.09 PM

কোচ ৰাজবংশীৰ জাতীয় ছহিদক বিশ্বজীৎ ৰায়ে ভুৱা বুলি কোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কমতাপুৰ অটনমাছ কাউন্সিলৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ে ।

আজি এক সাক্ষাৎকাৰত কেএচিৰ পাৰিষদগৰাকীয়ে কয়, ‘যি ২৫ গৰাকী ছহিদৰ পৰিয়ালে অসম চৰকাৰৰ পৰা পাঁচ লাখ টকাকৈ অৰ্থ সাহায্য লাভ কৰিছে তাক লৈ অনাহক বিতৰ্ক কৰা হৈছে । তালিকাত থকা আটাইকেইজনে জাতীয় আন্দোলনৰ স’তে জড়িত ব্যক্তি আছিল । যিজনে তালিকাখনক লৈ বিতৰ্ক কৰিছে এটা সময়ত তেওঁ নিজে ছহিদৰ পৰিয়ালৰ ঘৰলৈ গৈ পৰিয়ালক ছহিদৰ প্ৰমাণ পত্ৰ দি আহিছে । তদুপৰি আৰ্থিক সাহায্য প্ৰদানৰ পূৰ্বে ছহিদৰ পৰিয়ালৰ ঘৰে ঘৰে চৰকাৰী বিষয়া গৈ তদন্ত কৰিছিল । লোকজন ছহিদ হয় নে নহ’য় । গতিকে ভুৱা ছহিদৰ দাবী যুক্তিহীন ।’

তেও আৰু কয় যে এই বিতৰ্কৰ শীঘ্ৰে অৱসান হওক আৰু সকলোৰে মনৰ সন্দেহ দূৰ কৰাৰ বাবে অসম চৰকাৰে সমস্ত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰক । লগতে, বিশ্বজীৎ ৰায়ে কৰা মন্তব্য ভিত্তিহীন বুলিও কয় কেএচিৰ ইএম ৰায়ে ।

Exit mobile version