নিষেধাজ্ঞাৰ পাছতো জনপ্ৰিয়তাত বিশ্বৰ ভিতৰতে শীৰ্ষত পাবজি

http prod upp image read.ft

ভাৰতে বিগত দুবছৰমানত একাধিক জনপ্রিয় ম’বাইল গে’মিং এপ নিষিদ্ধ কৰিছিল। কিন্তু এনে নিষেধাজ্ঞাৰ পাছতাে পাবজি মবাইলে বিশ্বৰ সবাতােকৈ জনপ্রিয় অনলাইন গে’ম হিচাপে স্বীকৃতি লাভ কৰিলে।

ছেন্সৰ টাৱাৰৰ প্রতিবেদন অনুসৰি পাবজি ম’বাইল গে’ম খেলাৰ সময়ত জানুৱাৰী ২০২২ত এই গে’মৰ অনুৰাগীসকলে ২৩৭ নিযুত ডলাৰ অর্থাৎ ১৭,৭৯,৭৭,৫২,০০০ টকা ব্যয় কৰিলে।

সেই অনুসৰি ২০২২ জানুৱাৰীত প্রতি মিনিটত পাবজি ম’বাইল গে’মত প্রায় চাৰি লাখ টকা অনুৰাগীসকলে ব্যয় কৰিছিল। পাবজি মবাইলে জানুৱাৰীত অর্জন কৰা ধনৰ ৬৪ শতাংশ চীনৰ পৰা লাভ কৰিছিল। চীন এই গে’মক গে’ম ফৰ পীচ নামৰে জনা যায়।

পাজিৰ পাছতে বিশ্বত সর্বাধিক জনপ্রিয় দ্বিতীয়টো ম’বাইল গেম হিচাপে স্বীকৃত হ’ল ‘অনাৰ অব কিংছ’। এই গে’মত ২০২২ জানুৱাৰীত মুঠ ২৩৩.২ নিযুত ডলাৰ অনুৰাগীয়ে ব্যয় কৰিছিল৷

পাবজিৰ দৰে ‘অনাৰ অৱ কিংছ’-এও ৯৬ শতাংশ ধন চীনৰ পৰা উপার্জন কৰিছিল। ম’বাইল গে’মৰ জনপ্ৰিয়তাৰ তালিকাত তৃতীয় স্থানত জেনশ্বিন ইমপেক্ট আৰু চতুর্থ স্থানত কেণ্ডি ক্ৰাছ ছাগা আৰু ৰ’বলক্স আছে।

Exit mobile version