বাগসাৰ ভকুৱামাৰীত পপুলাৰ ফ্ৰণ্টৰ প্ৰতিষ্ঠা দিৱসত উত্তপ্ত পৰিস্থিতি

a6aef678 6411 4c36 b251 4ca96d534d69

বাগসাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভকুৱামাৰীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া চমুকৈ পিএফআইৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ এই পৰিস্থিতিৰ উদ্ভৱ হয়৷

উল্লেখ্য যে আজি ১৭ ফেব্ৰুৱাৰীৰ দিনটোত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে বাগসাৰ শালবাৰীৰ আনন্দ বজাৰ ভকুৱামাৰীতো দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ১৬ তম প্ৰতিষ্ঠা দিৱসৰ ৷

কিন্তু প্ৰতিষ্ঠা দিৱস উদযাপনৰ যাবতীয় চৰকাৰী অনুমতি নোপোৱাত অনুমতি অবিহনেই আজি উদযাপন কৰিব লৈছিল পিএফআইৰ প্ৰতিষ্ঠা দিৱসৰ৷সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ আজি প্ৰথম কাৰ্যসূচীমৰ্মে ৰাতিপুৱা আছিল পতাকা উত্তোলন৷

কিন্তু ৰাতিপুৱাই আৰক্ষী চিআৰপিএফৰ এটা দল উপস্থিত হৈ পতাকা উত্তোলনত বাধা প্ৰদান কৰাৰ লগতে দিনৰ ভাগত অনুষ্ঠিত হ’বলগীয়া গণ সমাবেশৰ বাবে প্ৰস্তুত কৰা মঞ্চ,মঞ্চৰ কাপোৰ,বেনাৰ,ফেষ্টুন,পতাকা আদি আৰক্ষীয়ে লৈ যায়৷ যাৰ বাবে আৰক্ষী চিআৰপিএফ বাহিনীৰ সন্মুখতে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ নেতাকৰ্মী সকলে আৰক্ষী মুৰ্দাবাদ ধ্বনি দি অসম আৰক্ষী হায় হায়, অসম পুলিচ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়,অসম পুলিচ গ’ বেক,পপুলাৰ ফ্ৰণ্ট জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

Exit mobile version