ভাওঁৰাগুৰী ভিচিডিচিত অৰুণোদয় আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি

আৰ টি আইৰ তথ্যত ফাদিল

WhatsApp Image 2022 02 17 at 7.10.46 PM

যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ পৰিকল্পনা কৰি আছে । ঠিক সেই সময়তে কোকৰাঝাৰ জিলাৰ ভাওঁৰাগুৰী ভিচিডিচিত অৰুণোদয় আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে । প্ৰকৃত হিতাধীকাৰীক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

ভাওঁৰাগুৰীৰ মান্দাৰপাৰা গাঁৱৰ যুৱক ৰোহিত তালুকদাৰে কৰা আৰ টি আই তথ্যত ভাওঁৰাগুৰী ভিচিডিচিৰ অৰুণোদয় আঁচনিৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহে । ভাওঁৰাগুৰী ভিচিডিচি অন্তৰ্গত আটাইকেইখন গাঁৱতে প্ৰকৃত হিতাধীকাৰীক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰি ভুৱা হিতাধীকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে বুলি আৰ টি আই তথ্যত ওলাই পৰিছে ।

আজি ৰোহিত তালুকদাৰে এক সংবাদমেলযোগে কয় যে ভাওঁৰাগুৰী ভিচিডিচিত অৰুণোদয় আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি হৈছে । ভাওঁৰাগুৰী ভিচিডিচি অন্তৰ্গত অৰুণোদয় আঁচনিৰ তালিকাত ৯০ শতাংশ ভুৱা হিতাধীকাৰীৰ নাম সোমাইছে । ৰোহিত তালুকদাৰে জানিবলৈ দিয়া মতে, এই সমগ্ৰ দুৰ্নীতিত ভাওঁৰাগুৰী ভিচিডিচিৰ অধ্যক্ষ পাৰ্থ পাল, টিচিএলচিৰ সদস্য নাৰায়ণ সাহা, গোসাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেব কুমাৰ বসুমাতাৰী, গোসাইগাঁও উন্নয়ন খণ্ডৰ কোষাধ্যক্ষ ৰঞ্জিত কুমাৰ নাৰ্জাৰী উক্ত দুৰ্নীতিত জড়িত হৈ আছে ।

ৰোহিত তালুকদাৰে ভাওঁৰাগুৰী আৰক্ষী চকীত উক্ত চাৰিজন ব্যক্তিৰ বিৰুদ্ধে ১২০(বি)/৪০৬/৪২০/৪০৩/৪০৯/৫০৬/৯৪ আই পি চি ধাৰাত গোচৰ ৰুজু কৰে । ৰোহিত তালুকদাৰে আৰু জানিবলৈ দিয়া মতে, ভাওঁৰাগুৰী ভিচিডিচিৰ অধ্যক্ষ পাৰ্থ পালে বাকী তিনিজনৰ লগত মিলি চৰকাৰৰ লাখ লাখ টকা আত্মসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰিছে ।

ৰোহিত তালুকদাৰে প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উক্ত বিষয়টো চালি-জাৰি চাবলৈ দাবী জনায় লগতে ভাওঁৰাগুৰী ভিচিডিচিত অৰুণোদয় আঁচনিৰ তালিকাৰ নামত হোৱা ভয়ংকৰ দুৰ্নীতিত অভিযুক্তক উচিত শাস্তি প্ৰদানৰ দাবী জনায় ।

Exit mobile version