Ukraine : ইউক্রেইন সীমান্তত গোপনে যুদ্ধৰ প্রস্তুতি চলাইছে ৰাছিয়াই, অভিযোগ আমেৰিকাৰ

1645077301 ukraine

ৰাছিয়াৰ প্রতিশ্রুতিত বিশ্বাস ৰাখিবলৈ অপ্ৰস্তুত আমেৰিকা । মুখত বাহিনী প্রত্যাহাৰৰ কথা ক’লেও ৰাছিয়াই যিকোনো সময়ত ইউক্রেইনৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলি বুধবাৰে শংকা প্রকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । এইবাৰ পেন্টাগনৰ তৰফৰ পৰা অভিযোগ কৰা হ’ল, গোপনে ইউক্রেইন সীমান্তত যুদ্ধৰ প্রস্তুতি আৰম্ভ কৰিছে ৰাছিয়াই । সেই উদ্দেশ্যে প্রায় সাত হেজাৰ অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে ।

আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰৰ এগৰাকী বিষয়াই বুধবাৰে নিশা কয়, ‘‘ৰাছিয়াই দাবী কৰিছে, তেওঁলোকে ইউক্রেইন সীমান্তৰ পৰা সেনা ঘূৰাই আনিছে । কিন্তু আমি জানিব পৰা মতে, সেই দাবী সম্পূৰ্ণ ভূৱা ।’’

প্রসংগত, মস্কোৰ তৰফৰ পৰা মঙলবাৰে ইউক্রেইনৰ স’তে যুদ্ধৰ সম্ভাৱনা খাৰিজ কৰা হয় । ৰুছ প্রতিৰক্ষা মন্ত্রণালয়ৰ মুখপাত্র আইগৰ কোনাশেনকভে জনায়, দক্ষিণ আৰু পশ্চিম প্রদেশৰ সেনা বাহিনীৰ সংশ্লিষ্ট মহৰা শেষ হোৱাত তেওঁলোক শিবিৰলৈ উভতি গৈছে ।

তাৎপর্যপূর্ণভাৱে ৰাছিয়াৰ এই ঘোষণাক স্বাগত জনালেও, নেটো জোটৰ প্রধান জেন্স ষ্টলটেনবার্গে কয়, ‘‘এই বার্তাই কিছু পৰিমাণে হ’লেও আশাৰ কিৰণ দেখুৱাইছে । অৱশ্যে বাস্তৱত ৰাছিয়াই সেনা প্ৰত্যাহাৰ নকৰা পর্যন্ত বিশ্বাস কৰিব পৰা নাযায় ।’’

ৰাছিয়াই যিকোনো সময়তে ইউক্রেইনৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলি বুধবাৰে শংকা প্রকাশ কৰে বাইডেনেও । তেওঁ কয়, ‘‘ৰাছিয়াই সঁচাকৈয়ে সীমান্তৰ পৰা কিছু বাহিনী প্ৰত্যাহাৰ কৰিছে, তাৰ প্রমাণ কিন্তু আমি পোৱা নাই । বিশেষজ্ঞসকলে জনাইছে, ৰুছ সেনা ইউক্রেইনৰ সীমান্তৱৰ্তী এনে ঠাইত আছে, যি এতিয়াও যথেষ্ট সংকটজনক ।’’

লগতে ভ্লাদিমিৰ পুতিনে চৰকাৰক সকীয়নি দি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়, ‘‘ৰাছিয়াই যদি ইউক্রেইনত আক্ৰমণ কৰে, তাৰ ফল ভোগ কৰিবলৈও তেঁওলোকে প্রস্তুত থাকিব লাগিব । আমি এতিয়াও কূটনৈতিক পথেৰেই ইয়াৰ মীমাংসা হোৱাটো বিচাৰো ।’’

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়েও ৰাছিয়াৰ সেনা প্রত্যাহাৰৰ প্রতিশ্রুতিক লৈ সংশয় প্রকাশ কৰি এক বার্তাত কয়, ‘‘ৰাছিয়াই বাহিনী প্ৰত্যাহাৰ কৰাৰ যি প্রতিশ্রুতি দিছিল, বাস্তৱত আমি এতিয়াও তাৰ কোনো প্রমাণ পোৱা নাই ।’’ প্রসংগত, বুধবাৰে ইউক্রেইন সীমান্তত সম্ভাব্য যুদ্ধ পৰিস্থিতিক লৈ ভাৰতৰ স’তে আলোচনা কৰিছে ইউৰোপীয় ইউনিয়নে (ইইউ) ।

Exit mobile version