পত্নীৰ বাবে ডিগ্ৰী বন্ধক ৰাখিলে চিকিৎসকে

ক'ভিডত আক্ৰান্ত হৈ ভেণ্টিলেচনত থকা জীৱন সংগীৰ বাবে প্ৰায় সৰ্বস্ব বিসৰ্জন

IMG 20220217 115035 1645079166137 1645079186741

কৰ’নাত আক্ৰান্ত হৈ জটিল অৱস্থাত পৰি হাস্পতালৰ ভেণ্টিলেচনত আছিল পত্নী । ব্যক্তিগত হাস্পতালৰ বিপুল পৰিমাণৰ বিল পৰিশোধ কৰাৰ বাবে নিজৰ এমবিবিএছ ডিগ্ৰীকেই বন্ধকত ৰাখিলে তেওঁৰ চিকিৎসক স্বামীয়ে । ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ৰ এই ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে ।

ৰাজস্থানৰ বাসিন্দা ৩২ বছৰ বয়সীয়া ডাঃ সুৰেশ চৌধুৰীয়ে পত্নী অনিতা আৰু পাঁচ বছৰৰ পুত্ৰৰ স’তে পালি জিলাৰ খেৰুৱা অঞ্চলত বাস কৰে । যোৱা বছৰ দ্বিতীয় ঢৌত হঠাৎ অসুস্থ হৈ পৰে অনিতা । তেওঁৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে । শ্বাস-প্ৰশ্বাসৰ কষ্টসহ অন্যান্য উপসৰ্গ বাঢ়ি থকাত চৌধুৰীয়ে পত্নীক স্থানীয় চৰকাৰী হাস্পতাললৈ নিয়ে । অৱশ্যে ৰোগীৰ ভিতৰত বিছনা নাপালে । বাধ্য হৈ তেওঁ পত্নীক যোধপুৰ এইম্‌ছত ভৰ্তি কৰালে । ইফালে, নিজেও চিকিৎসক হোৱাৰ বাবে ক’ভিড পৰিস্থিতিত পত্নীৰ শুশ্ৰূষাৰ বাবে দীঘলীয়া ছুটি লোৱাটো তেওঁৰ বাবে সম্ভৱ নাছিল । সেয়ে নিকটাত্মীয়ক পত্নী আৰু সন্তানৰ চোৱাচিতাৰ ভাৰ দি তেওঁ সেই সময়ত নিয়মিত হাস্পতালৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল । ইপিনে, দিনে দিনে অনিতাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ।

চৌধুৰীয়ে জানিব পাৰে যে পত্নীৰ হাওঁফাওঁৰ ৯৫ শতাংশ বিকল হৈ পৰিছে । তেতিয়ালৈ চিকিৎসকেও অনিতাৰ আশা এৰি দিছিল । অৱশ্যে পত্নীক সুস্থ কৰি ঘৰলৈ ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ আছিল ডাঃ চৌধুৰী । উন্নত চিকিৎসাৰ বাবে তেওঁ পত্নীক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় । সেই হাস্পতালত অনিতাক ভেণ্টিলেটৰত ৰাখিবলগীয়া হয় । কিয়নো ইতিমধ্যে ওজন ৫০ৰ পৰা ৩০ কিলোগ্ৰামলৈ হ্ৰাস পাইছিল, প্ৰায় বিকল হৈ পৰিছিল হাওঁফাওঁ আৰু হৃদপিণ্ড । ইকম’ যন্ত্ৰৰ সহায়ত কোনোমতে তেওঁৰ প্ৰাণটো বৰ্তি আছিল ।

ইফালে, বেচৰকাৰী হাস্পতালখনত সেই চিকিৎসা চলোৱাৰ বাবে দৈনিক প্ৰায় এক লাখ টকাৰ প্ৰয়োজন আছিল । সেই পৰ্বতপ্ৰমাণ বিলৰ বাবে জমা থকা ১০ লাখ টকা নিমিষতে শেষ হৈছিল । তথাপি আশা এৰা নাছিল ডাঃ চৌধুৰীয়ে । বাকী প্ৰয়োজনীয় ধন যোগাৰ কৰাৰ বাবে যুৱ চিকিৎসকজনে নিজৰ এমবিবিএছ ডিগ্ৰীকে বন্ধকত থোৱাৰ সিদ্ধান্ত লয় । তাৰ বিনিময়ত তেওঁ ৭০ লাখ টকা পায় । ইয়াৰ উপৰি মাটি বিক্ৰী, বন্ধুৰ পৰা ঋণ আদি লৈ আৰু কিছু ধন যোগাৰ হয় । অৱশেষত হাস্পতালৰ বিল পৰিশোধ কৰি পত্নীক সম্পূৰ্ণ সুস্থ কৰি ঘৰলৈ আনিবলৈ সক্ষম হয় ডাঃ চৌধুৰী । তেওঁৰ এই ত্যাগে সম্প্ৰতি যথেষ্ট প্ৰশংসা বুটলিছে ।

Exit mobile version