৩৯ বছৰ অতিক্ৰম কৰিলে নেলীৰ গণহত্যাই

নিহতৰ পৰিয়ালক উপযুক্ত ন্যায় প্ৰদানৰ দাবীৰে শালবাৰী জিলা এবিএমছুৰ বন্তি প্ৰজ্বলন

WhatsApp Image 2022 02 18 at 6.18.17 PM

৩৯ বছৰ অতিক্ৰম কৰিলে নেলীৰ গণহত্যা কাণ্ডই ৷ ১৯৮৩ত দৰঙ জিলাৰ নেলীত ধৰ্মীয় সংখ্যালঘু লোকক দুবৃত্তই হত্যালীলা চলাইছিল ৷ কিন্তু আজি ৩৯ বছৰ অতিক্ৰম কৰাৰ পাছতো উক্ত গণহত্যাত নিহত আহতৰ সহস্ৰাধিক পৰিয়ালৰ লোকে আজি পৰ্যন্ত ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰে সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ এবিএমছুৱে ৷

আজি সন্ধিয়া বাগসাৰ খাৰিজা বিজনীৰ মিলন বজাৰত শালবাৰী জিলা এবিএমছুৱে এই উপলক্ষে এক বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নেলী গণহত্যাত নিহত লোকসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৌন প্ৰাৰ্থনা কৰে এবিএমছুৰ নেতা-কৰ্মী সকলে ৷

উল্লেখ্য যে উক্ত গণহত্যাৰ তদন্তৰ বাবে গঠন কৰা ‘তেৱাৰী আয়োগৰ’ প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবে দাবী জনায় সংগঠনটোৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খন্দকাৰে ৷

Exit mobile version