ওদালগুৰিৰ শিক্ষানুষ্ঠানত হেলমেট অবিহনে প্ৰৱেশ নিষেধ

শিক্ষাগুৰুসকলক লৈ সজাগতা অভিযান পৰিবহন বিভাগৰ

WhatsApp Image 2022 02 18 at 7.25.42 PM

ওদালগুৰি জিলাৰ শিক্ষানুষ্ঠানসমূহত হেলমেট পৰিধান নকৰা অথবা ছিটবেল্ট পৰিধান নকৰাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা পৰিবহন বিভাগে । শিক্ষাৰ্থী, শিক্ষাগুৰু তথা শিক্ষানুষ্ঠানৰ আন কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব । এই ঘোষণা কৰে ওদালগুৰি জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰীয়ে ।

আজি ওদালগুৰি জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত ওদালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক পথ সুৰক্ষা বিষয়ক সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । জিলা অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰাৰ সভাপতিত্বত ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলক লৈ অনুষ্ঠিত হোৱা এই সজাগতা অনুষ্ঠানত বিভিন্নজনে পথ সুৰক্ষাৰ ওপৰত ভাষণ প্ৰদান কৰে । সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰীয়ে । ইয়াৰ পাছত কাৰ্যসূচী অনুসৰি বিগত ছয় ডিচেম্বৰৰ পৰা ওদালগুৰি জিলাৰ বিভিন্ন স্থানত পৰিবহন বিভাগটোৱে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে । বিশেষকৈ বিগত বৰ্ষবোৰত বনভোজৰ বতৰত কেইৱাটাও পথ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱা ওদালগুৰি-ভৈৰৱকুণ্ড পথচোৱাত দুৰ্ঘটনা ৰোধৰ লক্ষৰে কে’বাটাও কাৰ্যব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে ।

পথটোৰ দূৰ্ঘটনাপ্ৰবন এলেকাসমূহত গতিৰোধক স্থাপনৰ লগতে বিভিন্ন স্থানত বাহনৰ গতি বেগ নিয়ন্ত্ৰণৰ বাবে ফলক লগোৱা তথা বিভিন্ন সময়ছোৱাত পথটোত পৰিবহন বিভাগৰ তালাচীৰ বাবে এইবাৰৰ বনভোজৰ বতৰত পথটোত দুৰ্ঘটনাৰ পৰিমাণ বহুগুণে হ্ৰাস পোৱা বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে । বিষয়া বসুমতাৰীয়ে আজিৰ সজাগতা সভাত বিভিন্ন পথ দুৰ্ঘটনাৰ ফটো প্ৰদৰ্শনৰ দ্বাৰা কোনবোৰ কাৰণত সঘনে দুৰ্ঘটনা সংঘটিত হয় বা কোনবোৰ সাৱধানতা অৱলম্বন কৰিলে দুৰ্ঘটনাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰি সেই বিষয়েও আলোকপাত কৰে ।

ইয়াৰ মাজতে জিলা পৰিবহন বিষয়াগৰাকীয়ে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ জিলাখনৰ সকলো শিক্ষানুষ্ঠানত দুচকীয়া বাহনত হেলমেট পৰিধান নকৰাকৈ অথবা চাৰিচকীয়া বাহনত ছিটবেল্ট পৰিধান নকৰিলে প্ৰৱেশ নিষিদ্ধ কৰিবলৈ শিক্ষাগুৰুসকলক আহ্বান জনায়। ইয়াৰ উপৰি জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰৱেশ দুৱাৰত দুজোপাকৈ গছ ৰোপন কৰি সেই স্থানত ইটাৰে বেৰ দি গছ দুজোপা যতন ৰাখিবলৈ আহ্বান জনাই এই কাৰ্যৰ বাবদ সংশ্লিষ্ট প্ৰতিখন বিদ্যালয়লৈ ছহেজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । লগতে প্ৰতিখন বিদ্যালয়ত বছৰেকত এটা দিন পথ সুৰক্ষা সন্দৰ্ভত শিক্ষাৰ্থীক শিক্ষা দিবলৈ সভাত উপস্থিত শিক্ষাগুৰুসকলক আহ্বান জনায় ।

সভাখনত ভাষণ প্ৰদান কৰি ওদালগুৰি জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মণে সকলোকে সাৱধানতাৰে বাহন চলাবলৈ আহ্বান জনায় । বৰ্তমানৰ সময়ৰ স’তে সকলোৱে আগুৱাব লাগিব যদিও কিছুমান অশুভ পৰম্পৰা অথবা বাহন চলোৱাৰ সময়ত নিচাসক্ত হৈ বাহন চলাই অধিক আধুনিকতাৰ চোলা পিদ্ধি নিজৰ জীৱনক মৃত্যুৰ মুখলৈ ঠেলি নিদিবলৈ সকলোকে আহ্বান জনায় । কথাৰ দ্বাৰা যিসকলে নুবুজে সেইসকলৰ বিৰুদ্ধে প্ৰয়োজনত আৰক্ষী কঠোৰ হ’বলৈ বাধ্য হ’ব বুলিও তেওঁ উল্লেখ কৰে । আজিৰ এই সজাগতা সভাত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পালসিং ব্ৰহ্ম, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অভিজিৎ বাসু, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰী, জিলা এমভিআই নইমুদ্দিন আহমেদৰ লগতে বিভিন্নজন উপস্থিত থাকে।

Exit mobile version