Arvind Kejriwal : ম‌ই অতি মধুৰ সন্ত্রাসবাদী, যিয়ে চিকিৎসালয়-বিদ্যালয় তৈয়াৰ কৰে : অৰবিন্দ কেজৰিৱাল

Arvind Kejriwal 2.0

পঞ্জাৱ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আপ প্রধান অৰবিন্দ কেজৰিৱালে ‘বিচ্ছিন্নতাবাদী’ বুলি কটাক্ষ কৰিলে কংগ্রেছ আৰু বিজেপি-ক । শুকুৰবাৰে মুখ্যমন্ত্রী কেজৰিৱালে কয়, ‘‘ম‌ই বিশ্বৰ আটাইতকৈ মধুৰ সন্ত্রাসবাদী । এজন সন্ত্রাসবাদী, যিয়ে মানুহৰ সেৱাৰ বাবে হাস্পাতাল তৈয়াৰ কৰে, বিদ্যালয়, বিদ্যুৎ, পথ আৰু পানীৰ বন্দোবস্ত কৰে ।’’

ADVERTISEMENT

উল্লেখ্য, প্রাক্তন আপ তথা বিজেপি নেতা কুমাৰ বিশ্বাসৰ এটা ভাইৰেল ভিডিঅ’ক লৈ আৰম্ভ হয় ৰাজনৈতিক বিতৰ্ক । তেওঁ সেই ভিডিঅ’ত দাবী কৰে, খালিস্তানি সন্ত্ৰাসবাদীক সমর্থন কৰে কেজৰিৱালে । কুমাৰৰ মতে, ‘‘এদিন কেজৰিৱালে মোক কৈছিল, ‘হয় ম‌ই পঞ্জাৱৰ মুখ্যমন্ত্রী হ’ম, নহয়তো খালিস্তান ৰাষ্ট্রৰ প্রধানমন্ত্রী’ ।’’ এই ভিডিঅ’ক প্ৰকাশ কৰি কেজৰিৱালৰ বিৰুদ্ধে প্রচাৰ আৰম্ভ কৰিছে বিজেপি-য়ে । আনহাতে, এই সন্দৰ্ভত কেজৰিৱালক কটাক্ষ কৰে কংগ্রেছ নেতা ৰাহুল গান্ধীয়েও ।

শুকুৰবাৰে এই বিতর্ক আৰু আক্রমণক বিৰোধীসকলৰ ‘কমেডি’ বুলি কটাক্ষ কৰে দিল্লীৰ মুখ্যমন্ত্রীয়ে । তেওঁ কয়, ‘‘তেওঁলোক আমাৰ বিৰুদ্ধে একজোঁট হৈছে । মোক সন্ত্রাসবাদী কৈছিল । এইটো কমেডি ।’’ তেওঁ আৰু কয়, ‘‘ম‌ই পৃথিৱীৰ আটাইতকৈ মধুৰ সন্ত্রাসবাদী ।’’

Exit mobile version