ইউক্রেইনক লৈ ৱাশ্বিংটনৰে সংঘাত অব্যাহত থকাৰ মাজতে আমেৰিকাক এখন বৈঠকলৈ আমন্ত্রণ জনালে ৰাছিয়াই। এই বৈঠকত অংশ ল’বলৈ সন্মতি দিলে আমেৰিকাই।
ADVERTISEMENT
অহা সপ্তাহৰ অন্তিমভাগত ইউৰােপত এখন বৈঠকত মিলিত হ’ব মস্কো আৰু ৱাশ্বিংটন। অৱশ্যে সূত্রৰ খবৰ অনুসৰি, ইউক্রেইনক আক্রমণ নকৰাৰ বার্তাৰে এই বৈঠকত অংশ ল’ব মার্কিন প্রতিনিধিয়ে।
আমেৰিকাৰ বৈদেশিক সচিব এন্টনী ব্লিংকনে ইতিমধ্যে এই প্রসংগত ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য স্পষ্ট কৰিছে। আমেৰিকাই কয় যে এই সংকটপূর্ণ পৰিস্থিতিত সমাধানৰ একমাত্র উপায় হৈছে আলােচনা।
মার্কিন বৈদেশিক বিভাগৰ তথ্য অনুসৰি ব্লিংকন আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছার্গেই লেভৰ’ভে অহা সপ্তাহত ইউৰােপত আলােচনাৰ মেজত বহিব।