ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্রণহে কৰক

GettyImages 580669567 scaled 1

ভাত সকলােৰে প্রিয় খাদ্য। দিনটোৰ ভিতৰত সকলােৱে কম বেছি পৰিমাণে ভাত খায়। শৰীৰত মেদ জমা হােৱা আৰু ডায়েবেটিছ প্ৰতিৰােধৰ বাবে কিছুমান লােকে ভাত কম পৰিমাণে খােবাৰ অভ্যাস গঢ়ি তােলে। তদুপৰি বহুতৰ বাবে আকৌ আতংকৰ কাৰণ হৈ পৰে। অৱশ্যে দৈনন্দিন খাদ্য তালিকাত ভাত অন্তর্ভুক্ত কৰিব ওজন, ৰােগ আদি নিয়ন্ত্রণ কৰিব পাৰি ।

★ভাতৰ পৰিমাণ নিয়ন্ত্রণ কৰিব লাগিব। দুপৰীয়া অথবা নিশাৰ ভিতৰত মাত্র এবাৰ ভাত খাব লাগে।

★ভাতৰ পুষ্টিগুণৰ ওপৰত ভালেখিনি বিষয় নির্ভৰ কৰে। আজিকালি প্ৰায়ভাগ লােকে প্ৰেছাৰ কুকাৰত ভাত ৰান্ধে। আগতে কেৰাহি অথবা চচপেন আদিত ভাত ৰান্ধি ভাতৰ মাৰ পেলাই দিছিল ভাত ৰন্ধাৰ পদ্ধতি যিয়েই নহওক কিয় মাৰ পেলাব নালাগে। কিয়নাে ভাতৰ মাৰত পানীত দ্ৰৱণীয় খনিজ পদার্থ আৰু ভিটামিন আদি অটুট থাকে।

★মনত ৰখা উচিত বগা চাউলৰ বিপৰীতে ৰঙা ৰঙৰ চাউলত ফাইবাৰ বেছি থাকে। আনহাতে, ইয়াত কেলৰি কম পৰিমাণে পােৱা যায়।

★যিহেতু ফ্রাইড ৰাইচ, পােলাও, বিৰিয়ানি আদিত কেলৰি প্ৰচুৰ পৰিমাণে পােৱা যায় সেয়ে এইবােৰ কম পৰিমাণে খােৱাটোৱে শৰীৰৰ বাবে মংগলজনক।

★ভাত কম পৰিমাণে খাই যদি ফাষ্টফুড,জাংকফুড, আইচক্রীম, চকলেট আদি বেছিকৈ খায় তেতিয়া হিতে বিপৰীত হ’ব।

Exit mobile version