১৪ কোটি টকাত বিক্ৰী হ’ল এটা পাৰ চৰাই

This pigeon sold for 14 crores knowing the specialty your

উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনৰ দৰেই শেহতীয়াভাৱে একে নামৰ অর্থাৎ কীম নামৰ এটা পাৰ চৰায়ে সংবাদ শিৰােনাম দখল কৰিছে।

বিশ্বৰ সবাতােকৈ দামী পাৰ চৰাই হিচাপে কীমে সংবাদ মাধ্যমত চৰ্চিত হৈছে। আপুনি ধেমালি কৰা বুলি ভাবিব পাৰে, কিন্তু এই কথা সত্য যে কীম নামৰ পাৰ চৰাইটো এজন ব্যক্তিয়ে ১৪ কোটি টকাত ক্রয় কৰিলে।

চীনৰ এজন ব্যক্তিয়ে ইমান বৃহৎ পৰিমাণৰ ধন আদায় দি এক নিলাম অনুষ্ঠানত এই পাৰ চৰাই ক্রয় কৰিলে। কীম নামৰ এই মাইকী পাৰ চৰাই ৰেচিং’ দক্ষতাৰ বাবে বিশেষভাৱে পৰিচিত।

দুবছৰীয়া বয়সৰ কীম বিশ্বৰ ভিতৰতে সবাতােকৈ দামী পাৰ হিচাপে স্বীকৃত হ’ল। ২০১৮ পৰা কীমে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পাৰ চৰাইৰ ৰেচিং প্রতিযােগিতাত অংশ লৈ বিজয়ী হৈ আহিছে।

নেচনেল মিডিল ডিচটেন্স ৰেচিং প্রতিযােগিতাত জয়লাভ কৰা এই মাইকী পাৰটো দ্রুত উৰণ দক্ষতাৰ বাবে বিশেষভাৱে পৰিচিত।

উল্লেখ্য পাৰ চৰাইৰ নিলাম বিক্ৰীৰ ক্ষেত্ৰত সাধাৰণতে মতা চৰায়ে অধিক মূল্য লাভ কৰে যদিও এয়ে প্ৰথমবাৰৰ বাবে নিলামত বিশ্বৰ ভিতৰতে সর্বাধিক মূল্য লাভ কৰিলে এটা মাইকী পাৰই।

চীনত পাৰ চৰাইৰ উৰণ অর্থাৎ ‘ৰেচিং’ প্রতিযােগিতা বৰ জনপ্রিয় আৰু দেশখনত পৰম্পৰাগতভাৱে এনে প্রতিযােগিতাৰ আয়ােজন কৰা হয়। বর্তমানে চীনৰ বিভিন্ন অঞ্চলত পাৰ চৰাইৰ এনে ৰেচিং প্রতিযােগিতা অনুষ্ঠিত কৰা হয়।

কীমে এনেবােৰ ৰেচিং প্রতিযােগিতাত প্ৰায়ে অংশ লােৱাৰ লগতে শ্রেষ্ঠ বিবেচিত হৈ আহিছে। মাইকী ৰেচিং দক্ষতাসম্পন্ন পাৰক উন্নত প্রজাতিৰ ৰেচিং পাৰ উৎপাদন অর্থাৎ প্রজননৰ কামতাে ব্যৱহাৰ কৰা হয়।

চীন,বেলজিয়ামত ৰেচিং পটু পাৰ চৰাইৰ বিশেষ চাহিদা আছে আৰু পক্ষীপালকে এনে পাৰই উৎপাদনত গুৰুত্ব দি আহিছে। ইতিহাসত প্ৰথমবাৰৰ বাবে কোনাে মাইকী পাৰ চৰাই নিলামত ১৪ কোটি টকা মূল্যত বিক্রী হ’ল।

কীমৰ পূর্বে এই বিশ্বত সবাতােকৈ দামী পাৰ হিচাপে স্বীকৃত হৈছিল ‘আর্মাণ্ড’ নামৰ আন এটা পাৰ। ২০১৯ত এক নিলামত আর্মাণ্ড’ৱে ১.২৫ নিযুত ইউৰাে মূল্য লাভ কৰিছিল।

কীমে শেহতীয়া নিলামত আর্মাণ্ড’তকৈ ১.৬ নিযুত ইউৰাে অধিক লাভ কৰি বিশ্বৰ সবাতােকৈ দামী পাৰ চৰাই হিচাপে আন্তর্জাতিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল ।

Exit mobile version