ম্যানমাৰত এবছৰত জ্বলি চাৰখাৰ হ’ল ৪৫০০ বাসগৃহ

241775 fl0zuhsvea0skef

সামৰিক শাসন প্রৱর্তনৰ পাছৰে পৰা ম্যানমাৰত বিগত এবছৰত কমেও ৪৫০০ বাসগৃহ জ্বলাই চাৰখাৰ কৰিলে বার্মিজ সেনাই।

২০২১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ গণতান্ত্রিক নেত্রী আং ছান ছ‍্যু কীৰ চৰকাৰক।ক্ষমতাচ্যুত কৰি বার্মিজ সেনাই সামৰিক শাসন‌ প্ৰৱৰ্তন কৰিছিল।

সেই সময়ৰ পৰাই দেশখনত সামৰিক জুন্টাৰ বিৰুদ্ধে গণতন্ত্রকামীয়ে ব্যাপক প্রতিবাদ অব্যাহত ৰাখিছে। দেশখনত বিদ্রোহীয়ে সশস্ত্র আন্দোলন আৰম্ভ কৰিছে।

ৰেডিঅ’ ফ্রি এছিয়াৰ প্ৰতিবেদনৰ তথ্য অনুসৰি বিগত এবছৰত বিদ্রোহ দমনৰ নামত বার্মিজ সেনাই সাধাৰণ নাগৰিকৰ ৪৫০০ টা বাসগৃহ জ্বলাই চাৰখাৰ কৰিলে।

Exit mobile version