পঞ্জাৱ নিৰ্বাচনৰ পাছত পুনৰ বিজেপিৰ স’তে জোঁট বান্ধিবলৈ প্ৰস্তুত অকালি দল, ইংগীত শীর্ষ নেতাৰ

file75c1ft0kodt1aiutv1g8 1580315432

পঞ্জাৱত (Punjab Elections 2022) নিৰ্বাচনৰ দিনাই নতুন সমীকৰণৰ ইংগিত । প্রয়োজনত পুনৰ বিজেপিৰ হাত ধৰিব পাৰে শিৰোমণি অকালি দলে । ইংগিত দিলে অকালি দলৰ শীর্ষস্থানীয় নেতা বিক্রম সিং মাজিথিয়াই (Bikram Singh Majithia) । তেওঁ কয়, বিজেপিৰ স’তে জোঁটৰ বিষয়ত নিৰ্বাচনৰ পাছত চিন্তা-চৰ্চা কৰিব তেওঁলোকে ।

ইপিনে, বিজেপি আৰু অকালি দল দীর্ঘদিনৰ জোঁটসংগী । ২০২০ত কৃষি আইনৰ প্রতিবাদত বিজেপিৰ (BJP) সংগ এৰে অকালিয়ে । প্ৰত্যক্ষভাৱে কেন্দ্রৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামে এছ‌এডি-য়ে । অকালি দলৰ প্রধান সুখবীৰ সিং বাদলে, বিজেপিক ‘টুকুৰা টুকুৰা গেং’ বুলিও কটাক্ষ কৰে । যিটো বিষয়ত অকালি আৰু বিজেপি দলৰ মাজত ‌ফাট মেলিছিল, সেই কৃষি আইন কেন্দ্র‌ই প্রত্যাহাৰ কৰিছে ।

উল্লেখ্য, বিজেপিৰ সংগ এৰাৰ পাছত এইবাৰ বিএছপিৰ (BSP) স’তে জোঁট বান্ধি পঞ্জাৱৰ নিৰ্বাচন পথাৰত নামিছে প্ৰকাশ সিং বাদলৰ দল । আনহাতে, অকালি দলক পৰাজিত কৰি বিজেপি-য়ে জোঁট বান্ধিছে কেপ্টেইন অমৰিন্দৰ সিঙৰ পঞ্জাৱ লোক কংগ্রেছৰ স’তে । ৰাজনৈতিক মহলৰ ধাৰণা, এই দুই শিবিৰৰ কোনো পক্ষৰেই পঞ্জাৱত একক শক্তিত ক্ষমতাত অহা সম্ভৱ নহয় । সেয়ে নিৰ্বাচনৰ পাছত দুই শিবিৰেই আলোচনাৰ পথ মুক্ত ৰাখিব বিচাৰিছে । ইয়াৰ উপৰি, নিৰ্বাচনৰ আগতে প্রার্থী নিৰ্বাচনৰ ক্ষেত্রতো এটা অঘোষিত বুজাপৰা হৈছে দুই শিবিৰৰ । নিৰ্বাচনৰ পাছত প্রয়োজন হ’লে অকালি দলৰ যে বিজেপিৰ হাত ধৰাত আপত্তি নাই, সেয়া আজি বুজাই দিলে একাধিক এছ‌এডি নেতাই ।

অকালি দলৰ শীর্ষ নেতা বিক্রম সিং মাজিথিয়াই আজি স্পষ্টভাৱে কয় যে, কংগ্রেছ (Congress) আমাৰ এক নম্বৰ শত্রু । অকালি নেতা গুৰবচন সিঙে দাবী কৰিছে যে, পঞ্জাৱত অকালি দল আৰু বিএছপি জোঁটেই ক্ষমতাত আহিব, কিন্তু প্রয়োজনত বিজেপিৰ সমর্থন ল’বলৈও আপত্তি নাই ।

Exit mobile version