বোকাজানত বিধ্বংসী অগ্নিকাণ্ড, কে’বা লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ

বোকাজান বজাৰত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ঘটনাটোত এটা বাসগৃহৰ লগতে কে’বাটাও গুদামত মজুত ৰখা সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷

আজি বোকাজানৰ সাপ্তাহিক বজাৰৰ সমাগমৰ মাজতে বোকাজান ৰে’ল ষ্টেচনৰ সমীপৰ এটা আবাসিক লাইনত জুইৰ ধোৱা প্ৰত্যক্ষ কৰাৰ লগে লগেই জুইৰ লেলিহান শিখাই অঞ্চলটোৰ কে’বাটাও গৃহ আগুৰি ধৰে ৷

অঞ্চলটোত বোকাজান বজাৰৰ কেবাজনো গেলামাল আৰু আন ক্ষুদ্ৰ ব্যৱসায়ীৰ কেবাটাও গুদাম আছিল ৷ নিমিষতে জুইয়ে আৱৰি ধৰাত গুদাম কেইটাৰ লগতে তাত মজুত ৰখা সামগ্ৰীসমূহ জুইত জাহ যায় ৷

অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও কেবা লক্ষাধিক টকাৰ সা সম্পত্তি নষ্ট হৈছে ৷ ইপিনে ঘটনাস্থলীত অগ্নিনিৰ্বাপক আৰু দূৰ্যোগ প্ৰশমন বিভাগৰ লোক উপস্থিত হোৱাৰ পাছতো অঞ্চলটোত যাতায়তৰ সুগম ব্যৱস্থা নথকাৰ বাবেই বহু কষ্টেৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় বিভাগে ৷

উল্লেখযোগ্য যে অগ্নিনিৰ্বাপক বাহিনীয়ে সময়মতে জুই নিৰ্বাপন কৰিব নোৱাৰা হ’লে আৰু বহু বাসগৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ গ’লহেতেন ৷

Exit mobile version