হাঁওফাঁও সংৰোপনত নালাগিব একে গ্রুপৰ ৰক্ত

doctor lungs hands hospital 260nw 203186941

হাঁওফাঁও সংৰোপনৰ ক্ষেত্ৰত এতিয়াৰ পৰা বিশেষ চিন্তাৰ সন্মুখীন হ’ব নালাগিব শল্য চিকিৎসকসকল। কাৰণ হাঁওফাঁও সংৰোপনৰ সময়ত আগন্তুক দিনৰ পৰা শল্য চিকিৎসকসকলে হাঁওফাঁওদাতাৰ তেজৰ গ্রুপক লৈ চিন্তিত হ’ব নালাগিব।

হাঁওফাঁও সংৰোপনৰ ক্ষেত্ৰত সবাতােকৈ উদ্বেগৰ কাৰণটো হৈছে যে যিজন লােকে হাঁফাঁও দান কৰিব, তেওঁৰ তেজৰ গ্রুপৰ স’তে ৰােগীৰ তেজৰ গ্রুপ প্ৰায়েই নিমিলে। অথচ হাওঁফাঁও দাতা আৰু গ্রহণ কৰােতাৰ তেজৰ গ্রুপত মিল থকাটো অতি বাঞ্ছনীয়।

সম্প্রতি এক শেহতীয়া গৱেষণাই প্রথমবাৰলৈ জনালে যে আগন্তুক দিনৰ পৰাই আৰু তেজৰ গ্রুপত মিল থকা লােকৰ হাঁওফাঁও ৰােগীৰ শৰীৰত সংৰোপন নকৰিলেও হ’ব।

সংৰোপনৰ বাবে যিকোনাে তেজৰ গ্রুপ থকা লােকৰ পৰাই হাঁওফাঁও ল’ব পৰা যাব। কেৱল সংৰোপনৰ প্ৰাক্ মুহূর্তত দাতাৰ তেজৰ গ্রুপক হাঁওফাঁও গ্রহণ কৰােতাৰ তেজৰ গ্রুপলৈ সলনি কৰি ল’ব লাগিব।

সংশ্লিষ্ট গৱেষণা পত্ৰখন শুকুৰবাৰে প্ৰকাশিত হৈছে । আন্তর্জাতিক চিকিৎসা বিজ্ঞান গৱেষণা পত্রিকা ‘ছায়েন্স ট্রান্সলেচনেল মেডিচিন’ত।বিশেষজ্ঞসকলে জনাইছে যে ইয়াৰ ফলত সংৰোপনৰ বাবে উপযুক্ত হাঁওফাঁওৰ অভাৱ পূৰণ হ’ব।

সেয়ে হাঁওফাঁও সংৰোপনৰ বাবে আৰু এতিয়াৰ পৰা ৰােগীয়ে দীর্ঘদিন অপেক্ষা কৰি থাকিবলগীয়া নহ’ব। গৱেষকসকলে দিয়া তথ্য অনুসৰি,আমেৰিকাত এই মুহূর্ত সংৰোপনৰ বাবে উপযুক্ত তথা একেটা গ্রুপৰ হাঁওফাঁও পােৱাৰ অপেক্ষাত আছে প্রায় এক লাখ ৰােগী, যিসকলক যিমান সােনকালে পাৰি হাঁওফাঁও সংৰোপনৰ প্রয়ােজন।

যিমান ৰােগীয়ে ২০১৭ত সংৰোপনৰ বাবে নিজৰ গ্রুপৰ হাঁওফাঁওৰ সন্ধানত আছিল,তেওঁলােকৰ মাত্র এক-তৃতীয়াংশইহে সঠিক গ্রুপৰ তেজৰ হাঁওফাঁও লাভ কৰিছিল। গৱেষণা পত্ৰখনে জনাইছে যে সংৰোপনৰ পূর্বে দাতাৰ তেজৰ গ্রুপ গ্রহণ কৰােতাৰ তেজৰ গ্রুপৰ স’তে মিলাই ল’বলৈ দুটা বিশেষ প্রটিন ব্যৱহাৰ কৰা হ’ব।

এই প্রটিন দুটাৰ নাম হৈছে ‘এফপিগেলনেক ডিএচিটাইলেজ’ আৰু ‘এফপিগেলাক্টোছেমিনিডেজ’। দাতাৰ হাঁফোঁওৰ তেজৰ গ্রুপক গ্রহণ কৰােতাৰ শৰীৰত থকা যি এন্টিজেনে চিনাক্ত কৰিব পাৰে বুলি আন গ্রুপৰ তেজ দিয়া হ’লে মানৱ শৰীৰে সেয়া প্রত্যাখ্যান কৰে, সেই এন্টিজেনক আঁতৰ কৰিবলৈ এই দুবিধ প্র’টিনে যৌথভাৱে কাম কৰে।

গৱেষকসকলে আঠ প্ৰকাৰৰ তেজৰ গ্রুপৰ হাঁওফাঁক লৈ গৱেষণা চলাই দেখা পাইছে যে এই দুটা প্র’টিনে যৌথভাৱে চাৰি ঘণ্টাৰ ভিতৰতে এন্টিজেনটোক আঁতৰ কৰিব পাৰে। তাৰ ফলত ৯৭ শতাংশ ক্ষেত্ৰতে যি কোনাে গ্রুপ তেজৰ হাঁওফাঁও সংৰোপন কৰাটো সম্ভৱ হৈ পৰিছে।

Exit mobile version