কৰ’না আক্রান্ত পাকিস্তানি গায়ক ৰাহত ফতেহ আলি খান

rahat fateh ali khan 759

কৰ’না আক্রান্ত কিংবদন্তি সংগীত শিল্পী ৰাহত ফতেহ আলি খান । গায়কৰ টিমৰ তৰফৰ পৰাও টুইটাৰত এই খবৰ নিশ্চিত কৰা হৈছে ।

টুইটাৰত জনোৱা হৈছে, ‘আমি জনাবলৈ পাই দুঃখিত যে মিউজিকেল ছুফি নাইটৰ দিন পিছুৱাই দিয়া হৈছে । কাৰণ ৰাহত ফতেহ আলি খান কৰ’না আক্রান্ত হৈছে । ২০২২-ৰ ১২ মার্চত অনুষ্ঠিত হ’ব ছুফি নাইট । সকলোৰে অসুবিধাৰ বাবে আমি ক্ষমাপ্রার্থী ।’

গায়কৰ শুভাকাংশীসকলে কমেন্ট ছেক্‌ছনত দ্রুত সুস্থ হ’বৰ বাবে শুভেচ্ছা জনাইছে । সকলোৱে ঈশ্বৰক প্রার্থনা কৰিছে যে গায়কজন দ্রুত সুস্থ হৈ উঠে ।

তথ্য অনুসৰি, পাকিস্তানৰ গায়ক ৰাহত ডুবাইত গৈছিল । পাকিস্তানত তেওঁৰ ক’ভিড ৰিপ’র্ট নেগেটিভ আহে যদিও, ডুবাইত কৰ’না পৰীক্ষণত পজিটিভ আহে ।

Exit mobile version