গুৱাহাটী মিউনিচিপাল কৰৰ্প’ৰেচনে (জিএমচি) শুকুৰবাৰে জনাইছে যে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে নতুন দৰপত্ৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত, জিএমচিৰ অধীনত ৫৩টা পাৰ্কিং শ্লটৰ ভিতৰত ৪৩টা পাৰ্কিং শ্লট পাব্লিক পাৰ্কিঙৰ বাবে বিনামূলীয়া কৰা হৈছে ।
জিএমচি-য়ে কয়, “৪৩টা বিনামূলীয়া শ্লটৰ পৰা নতুন দৰপত্ৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত পাৰ্কিং মূল্য সংগ্ৰহ অবৈধ হ’ব আৰু যদি এই ধৰণৰ কাৰ্যকলাপ দেখা যায় তেতিয়া আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।”
তেওঁলোকে জনায় যে, পাৰ্কিং মূল্য কেৱল বাকী ১০টা শ্লটৰ বাবে বিভাগৰ দ্বাৰা সংগ্ৰহ কৰা হ’ব ।
গুৱাহাটীত মূল্য দিবলগীয়া ১০টা পাৰ্কিং শ্লট হ’ল :
১/ কটন কলেজিয়েট স্কুল ৰোড পাৰ্কিং
২/ ড° জে চি দাস ৰোড (ফুলগলি) পাৰ্কিং
৩/ বাপ্তিষ্ট চাৰ্ছৰ পৰা ড° জে চি দাস ৰোড জাংচন (বাপ্তিষ্ট চাৰ্ছ ছাইড)
৪/ খুবচন্দ পইণ্টৰ পৰা শিখ টেম্পল পইণ্ট, ফাঁচি বজাৰৰ বাঁওফাল
৫/ গণেশগুৰি উৰনিয়া সেতু
৬/ ভাঙাগড় উৰনিয়া সেতু
৭/ বেছমেণ্ট পাৰ্কিং, ফাঁচি বজাৰ জিএমচি কমপ্লেক্স
৮/ আদাবাৰী বাছ টাৰমাইনাছ
৯/ লাচিত ঘাট পাৰ্কিং, মাছখোৱা
১০/ আৰ পি ৰোড, ইন ফেছনৰ পৰা লাইফ লাইন মেডিকছ, পেৰেলেল পাৰ্কিং (বি কে টাৱাৰ)
বিনামূলীয়া পাৰ্কিং শ্লটকেইটা হৈছে :