Hong Kong : পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, হাস্পতালৰ নাটনি ! প্রশাসনিক ব্যর্থতাত ভুগিছে হংকং

2022 02 17T044853Z 1420532790 RC2FLS9SKGDY RTRMADP 3 HEALTH CORONAVIRUS HONGKONG

হংকঙত পুনৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ । দেশখনত ৰোগীৰ ভিৰৰ বাবে হাস্পতালৰ নাটনি হৈছে । প্রায় প্রতিদিনেই বৃদ্ধি পাইছে সংক্রমণ। পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ প্রশাসনে পুনৰ তলাবন্ধ জাৰি কৰাৰ সম্ভাৱনা আছে ।

হংকঙত ডিচেম্বৰৰ শেষৰ ফালে অ’মিক্রন সংক্রমণৰ প্রথম সন্ধান পোৱা যায় । তাৰ পাছৰ পৰাই দ্রুত গতিত বিয়পি পৰে কৰ’না ভাইৰাছৰ এই ৰূপ । শুকুৰবাৰ পর্যন্ত ২০ হেজাৰৰো অধিক লোক সংক্রমিত হৈছে অ’মিক্রনত । এই সংক্রমণ বিয়পিছে মাত্র দুমাহৰ ভিতৰত । বিগত দুটা ক’ভিড স্ফীতিত হংকঙত মুঠ ১২ হেজাৰ লোক আক্রান্ত হৈছে ।

ডিচেম্বৰত অ’মিক্রন আক্রান্তৰ সন্ধান পোৱাৰ পাছৰ পৰা প্রশাসনে দ্রুত কঠোৰ ক’ভিড বিধি জাৰি কৰে । উৰনতো নিষেধাজ্ঞা জাৰি কৰা হয় । বিধি-নিষেধ জাৰি কৰা হয় জনসমাগম-অনুষ্ঠানতো । কিন্তু তাৰ পাছতো সংক্রমণ ৰোধ কৰিব পৰা নাযায় । অ’মিক্রন আক্রান্তসকল হাস্পতালত ভিৰ কৰিছে । ক’ভিডৰ মৃদু উপসর্গ দেখা দিলেই তেওঁলোকে হাস্পতাললৈ যায় । সেয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে কিছুসংখ্যক মেগা হাস্পতাল নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে ।

কিন্তু কিয় হাস্পতালত মৃদু উপসর্গ থাকিলেই ভিৰ কৰিছে ৰোগীয়ে ? ইয়াৰ বাবে চহৰ প্রশাসনৰ আগৰ এটা সিদ্ধান্ততেই আঙুলি তুলিছে অনেকে । কাৰণ প্রথম স্ফীতিৰ পাছত তেওঁলোকে সিদ্ধান্ত লয় যে, ক’ভিডৰ মৃদু উপসর্গ থাকিলেই তেওঁলোকে হাস্পতালত ভর্তি হ’ব লাগিব । কোনো নিভৃতবাসৰ বিধি ৰখা নহয় । বর্তমান পৰিস্থিতিত চৰকাৰে সিদ্ধান্তৰ পৰিৱৰ্তন কৰিলেও পূৰ্বৰ বিধি মানিয়ে ক’ভিডৰ উপসর্গ দেখা দিলেই হাস্পতাললৈ লৰ মাৰে অনেকে । ফলত ভিৰ বঢ়াইছে হাস্পতালবোৰত ।

অৱশ্যে ক’ভিড সংক্রমণ বঢ়াতো ৰাজনীতি আছে বুলিও অনেকৰ মত । কাৰণ, হংকঙে দীর্ঘদিন ধৰি মূল ভূখণ্ডৰ ‘জিৰো-ক’ভিড’ নীতি মানি চলে । চীনে চহৰব্যাপী তলাবন্ধ, গণ হাৰত কৰ’না পৰীক্ষা আৰু চৰকাৰী তদাৰকিৰ মাধ্যমত অতিমাৰী দূৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু হংকং প্রশাসনে কেৱল সীমান্ত বন্ধ কৰিয়ে ‘জিৰো-ক’ভিড’ নীতিত অটল হৈ আছিল । ইয়াৰ ফলত তেওঁলোকে কৰ’না পৰীক্ষা, টিকা প্রদানৰ দৰে কোনো কাৰ্যসূচী নলয় । বিশেষজ্ঞসকলে সতর্ক কৰিছিল যে এই দেৱাল চিৰকাল নাথাকে । তৃতীয় স্ফীতিত তেওঁলোকৰ সেই সর্তকবার্তা সত্য প্ৰমাণিত হয় ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ’না পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় চৰকাৰে । প্রশাসনৰ এগৰাকী বিষয়াই জনাইছে, চাৰে সাত কোটি বাসিন্দাৰ কৰ’না পৰীক্ষা কৰিবৰ বাবে চৰকাৰে নির্দিষ্ট ‘পৰিকল্পনা তৈয়াৰ’ কৰিছে ।

Exit mobile version