তালিবানৰ চকুত ধূলি দি আফগান যুৱতীয়ে চলাইছে বিদ্যালয়

image00001

তালিবান আৰু বামিয়ান, একেলগে এই দুটা শব্দ উচ্চাৰণ কৰিলেও বিশ্ববাসীৰ মানসপটত ভাহি উঠে এক ভয়ংকৰ ধ্বংসলীলাৰ ছবি। প্রথমবাৰ আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছতে তালিবান সন্ত্রাসবাদীয়ে ভাঙি চুর্ণ-বিচূর্ণ কৰিছিল দেশখনৰ বামিয়ান অঞ্চলত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অংশ বিশাল বিশাল বৌদ্ধমূর্তিসমূহ।

যােৱা বছৰৰ আগষ্টত তালিবানে পুনৰ আফগানিস্তান দখল কৰিছে। যাৰ বাবে আকৌ আতংকই বিৰাজ কৰি আছে সমগ্র দেশখনত। বিশেষকৈ দেশখনৰ মহিলা সমাজ অতিশয় আতংকিত হৈ আছে। কিয়নাে তালিবান অহাৰ লগে লগেই দেশখনত পুনৰ হৰণ হ’ল নাৰীৰ স্বাধীনতা।

শিক্ষাৰ লগতে বিভিন্ন ক্ষেত্ৰত নাৰীৰ অংশগ্রহণ নিষিদ্ধ হৈ পৰিছে। অথচ নিষ্ঠুৰ তালিবানৰ চকুত ধূলি দি এতিয়াও এখন ব্যক্তিগত বিদ্যালয় চলাই আছে এগৰাকী অসম সাহসী আফগান যুৱতীয়ে। দুর্গম পাহাৰীয়া অঞ্চল বামিয়ানত বিগত ১০ বছৰে চলি আছে এই বিদ্যালয়।

সেই বিদ্যালয়ৰ শিক্ষার্থীসকলৰ অধিকাংশই ছােৱালী। এতিয়া পুনৰ তালিবানৰ শাসনতাে এই বিদ্যালয় এই পর্যন্ত বন্ধ হােৱা নাই। এই বিদ্যালয়খন অকলে চলাই আছে। ফ্রেছতা নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীয়ে। মাত্র ১২ বছৰ বয়সতে ফ্রেছতাই এই বিদ্যালয়খন খুলিছিল।

আফগানিস্তানৰ অন্যান্য প্রদেশৰ নাৰীৰ দৰে পাহাৰেৰে আবৰা এই বামিয়ান প্রদেশতাে নাৰীৰ শিক্ষাৰ হাৰ অতি তম। প্রায় ২৫ শতাংশ। যিখিনি শিক্ষাৰ পােহৰ পৰিছে, তাৰ সিংহভাগ কৃতিত্বই ফ্রেছতাৰ। তেওঁ হৈছে নিজৰ অঞ্চলটোৰ একমাত্র স্নাতক।

কিছু মাহৰ পূর্বে তেওঁ বামিয়ান বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হৈছিল। এই অবৈতনিক বিদ্যালয়খনত প্রতিদিনে পাঠদান হয়। অঞ্চলটোৰ ৫০টা পৰিয়ালৰ সন্তানত পৰম যত্নসহকাৰে দুঘণ্টাকৈ পাঠদান কৰে ফ্ৰেছতাই। চাৰিৰ পৰা ১৭ পর্যন্ত বিভিন্ন বয়সৰ শিক্ষার্থীয়ে ইয়াত পঢ়িবলৈ আহে।

অৱশ্যে কিছু মাহৰ আগলৈকে আফগানিস্তানত এক চৰকাৰী শাসন আছিল। লগত আছিল আমেৰিকান সেনাসহ নাটো বাহিনীৰ পহৰা।

অথচ যােৱা আগষ্টত পুনৰ দেশখনৰ সাধাৰণ নাগৰিকৰ ওপৰলৈ নামি আহে তালিবানৰ ৰঙাচকু। জেহাদৰ নামত যিকোনাে নির্মম ঘটনা সংঘটিত কৰিবলৈ তালিবান সন্ত্রাসবাদীসকলক নিজৰ শীর্ষস্থানীয় নেতাৰ কোনাে নির্দেশ নালাগে।

এনে অৱস্থাতাে ফ্রেছতাই সুকলমে নিজৰ স্কুল চলাই থাকিবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণ দৰ্শাই ফ্রেছতাই ‘আল জাজিৰা টিভি’ক দিয়া এক সাক্ষাৎকাৰত কয়, “মােৰ স্কুলখন আছিল অত্যন্ত চিত্তাকর্ষক আৰু ৰঙীন, কিন্তু তালিবানে যেতিয়া বামিয়ান প্রৱেশ কৰিলে তেতিয়া মােৰ বন্ধুসকলে মােক সাৱধান কৰিছিল। লগে লগে মই সকলাে প’ষ্টাৰ আৰু অংকন কৰা চিত্র আদি যিমানবােৰ আৰি থােৱা আছিল সকলােবােৰ খুলি ৰাখিলাে। আচলতে সকলােৱে বৰ ভয় খাইছিল। এনেয়ে মই স্কুল চলাই আছাে, তাৰ লগতে ছােৱালীক পটুৱাও। মই সকলােবােৰ কলম, ৰং আদি এখন বেগত ভৰাই সন্মুখৰ নদীত পেলাই দিলাে।’

মুঠ তিনিবাৰ ফ্ৰেছতা তালিবানৰ মুখামুখি হৈছিল। আচলতে তালিবানে তেওঁৰ এজন প্রতিবেশীৰ সন্ধানত আহিছিল, যিজনে স্থানীয় আৰক্ষীত কাম কৰিছিল। সেই পলাতক লােকজনৰ সন্ধানত তালিবানে ঘনাই উক্ত স্থানত উপস্থিত হলেও তেওঁলােকক ফ্রেছতাই ঘূণাক্ষৰেও উমান নিদিলে যে ইয়াত কোনাে বিদ্যালয়ে আছে।

উল্লেখ্য যে স্কুলখনৰ পৰা ফ্রেছতাৰ কোনাে উপার্জন নহয়। কদাচিৎ সামান্য অনুদান আহিলেও স্কুল চলাই আছাে, তাৰ লগতে ছােৱালীক পটুৱাও। মই সকলােবােৰ কলম, ৰং আদি এখন বেগত ভৰাই সন্মুখৰ নদীত পেলাই দিলাে।’ মুঠ তিনিবাৰ ফ্ৰেছতা তালিবানৰ মুখামুখি হৈছিল।

আচলতে তালিবানে তেওঁৰ এজন প্রতিবেশীৰ সন্ধানত আহিছিল, যিজনে স্থানীয় আৰক্ষীত কাম কৰিছিল। সেই পলাতক লােকজনৰ সন্ধানত তালিবানে ঘনাই উক্ত স্থানত উপস্থিত হলেও তেওঁলােকক ফ্রেছতাই ঘূণাক্ষৰেও উমান নিদিলে যে ইয়াত কোনাে বিদ্যালয়ে আছে। উল্লেখ্য যে স্কুলখনৰ পৰা ফ্রেছতাৰ কোনাে উপার্জন নহয়। কদাচিৎ সামান্য অনুদান আহিলেও

Exit mobile version