পাৱাৰ-উদ্ধৱৰ স’তে বৈঠক কেচিআৰ-ৰ

1645409400 desh1 1

যোৱা ডিচেম্বৰৰ আৰম্ভণিতে মুম্বাই ভ্ৰমণত গৈছিল তৃণমূলনেত্রী মমতা বেনাৰ্জী । প্রায় আঢ়ৈ মাহ পাছত এইবাৰ মুম্বাইতে অৱতীর্ণ হ’ল তেলংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও (কেচিআৰ) । এনচিপি প্রধান শৰদ পাৱাৰ আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰে আলোচনাত মিলিত হয় ।

মমতাৰ ভ্ৰমণ আৰু ৰাৱৰ ভ্ৰমণৰ ঘোষিত উদ্দেশ্য একেই । বিজেপিৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ জোঁট । অঘোষিত উদ্দেশ্যও একেই । কংগ্রেছক বাদ দিয়েই আঞ্চলিক দলবোৰৰ বিৰোধী জোঁট তৈয়াৰ কৰাৰ চেষ্টা ।

মহাৰাষ্ট্র ভ্ৰমণৰ আগতেই মমতাৰ স’তে কে চন্দ্রশেখৰ ৰাৱে আলোচনা কৰিছিল । বিৰোধী শাসিত ৰাজ্যত মোদী চৰকাৰ নিযুক্ত ৰাজ্যপালৰ ভূমিকাৰ বিৰুদ্ধে একজোঁট হোৱাৰ লগতে, আগন্তুক জুলাইত ৰাষ্ট্রপতি নির্বাচনত বিৰোধী শিবিৰৰ তৰফৰ পৰা কোনো এজনক ৰাষ্ট্রপতি পদপ্রার্থী কৰাৰ বিষয়েও আলোচনা হয় । ৰাজনৈতিক শিবিৰৰ অনেকেই ধাৰণা কৰিছে, পাৱাৰেই ৰাষ্ট্রপতি নির্বাচনত বিৰোধী জোঁটৰ প্রার্থী হ’ব পাৰে ।

মুম্বাইত পাৱাৰৰ ছিলভাৰ ওক বাংলোত গৈ তেওঁৰ স’তে আজি বৈঠকৰ পাছত কেচিআৰে জনাইছে, পাৱাৰে তেওঁক ‘আশীর্বাদ’ কৰিছে । বৈঠকত পাৱাৰ-কন্যা সুপ্রিয়া সুলেও উপস্থিত আছিল । ৰাৱে কয়, ‘‘পাৱাৰৰ অভিজ্ঞতা অমূল্য । এনে ধৰণৰ বৈঠক চলি থাকিব ।’’ বিৰোধী দলৰ নেতাসকলে অতি শীঘ্রেই একেলগে আলোচনাত বহিব বুলিও তেলেংগানাৰ মুখ্যমন্ত্রীয়ে জনাইছে । উদ্ধৱৰ স’তে ৰাৱৰ বৈঠকৰ পাছত দুয়োজনে সাংবাদিক সন্মিলন কৰে । উদ্ধৱে জনায়, তেওঁ আৰু ৰাৱে আগন্তুক দিনত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ স’তে আলাপ-আলোচনা কৰিব । বিজেপিৰ অবিহনে দেশক সঠিক পথত অনাই হ’ব তেওঁলোকৰ লক্ষ্য । উদ্ধৱৰ মন্তব্য প্রধানমন্ত্রী কোন হ’ব, সেয়া পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব ।

মহাৰাষ্ট্রত বিজেপিক ক্ষমতাৰ পৰা দূৰত ৰাখিবলৈ পাৱাৰে এনচিপি-ৰ স’তে শিৱসেনা, কংগ্রেছক একজোঁট কৰিছিল । ৰাষ্ট্ৰীয় স্তৰটো কংগ্রেছক বাদ দি বিজেপি-বিৰোধী জোঁট সম্ভৱ নহয় বুলি পাৱাৰে মত দিছে । ৰাৱে সম্প্রতি বিজেপি, কংগ্রেছৰ সমালোচনা কৰি তৃতীয় ফ্রন্টৰ আহ্বান কৰিছিল । পাছত অৱশ্যে তেওঁ কংগ্রেছক সহযোগ কৰাৰ চেষ্টা কৰিছিল । কিন্তু কংগ্রেছ নেতৃত্ব‌ই জনায়, ইমান দিন বিজেপিৰ স’তে থকা ৰাৱক বিশ্বাস কৰা সম্ভৱ নহয় ।

আজি অৱশ্যে ৰাৱে মুম্বাইত বিজেপিৰ শাসনকালত বিৰোধী দলৰ বিৰুদ্ধে কেন্দ্রীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে । উদ্ধৱেও বিজেপিৰ হিন্দুত্বৰ সমালোচনা কৰি কয়, ‘‘হিন্দুত্ব‌ই ভুল ৰাজনীতি নিশিকাই । কিছু লোকে কেৱল নিজৰ লক্ষ্য পূৰণত কাম কৰি আছে, লাগিলে দেশ ৰসাতলে যায় যাওক । আমি দেশক সঠিক পথত আনিব লাগিব । প্রধানমন্ত্রী কোন হ’ব, পাছত আলোচনা কৰা হ’ব ।’’

Exit mobile version