Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

শ্ল’গানসর্বস্ব ভাৰতীয় ৰাজনীতি

প্রাঞ্জলসেন ডেকা

publisher by publisher
February 21, 2022
in Opinion
Reading Time: 1 min read
0
শ্ল’গানসর্বস্ব ভাৰতীয় ৰাজনীতি
2
SHARES
22
VIEWS
ShareShareShareShare

সুদৃশ্য শ্ব’ৰূম অথবা শ্বপিং মল আৰম্ভ হােৱাৰ পূর্বে ফাঁচী বজাৰৰ এচি মার্কেটত এখন জনপ্রিয় আৰু সম্ভ্রান্ত পাট-মুগাৰ বস্ত্ৰৰ দোকান আছিল। চৌপাশে মাৰােৱাৰী ব্যৱসায়ীৰ দোকান-পােহাৰৰ চিক-চাক পৰিৱেশৰ মাজত এটি অসমীয়া পৰিয়ালৰ দোকান,তাকো পাট-মুগাৰ—অলপ আচহুৱা যেনেই আছিল।

ADVERTISEMENT

পুৰণি ধনী এটি পৰিয়ালৰ এক জ্যেষ্ঠ দম্পতীয়ে অতি হেঁপাহেৰে আৰম্ভ কৰিছিল দোকানখন। তেতিয়ালৈ অসমত ডিজাইনাৰৰ অসমীয়া বস্ত্র সহজলভ্য হােৱা নাছিল যদিও বিভিন্ন নতুন আৰু আধুনিক ডিজাইনৰ মেখেলা-চাদৰ উপলব্ধ হােৱা হেতুকে দোকানখন আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হৈছিল।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

ৰাজভৱন আদিকে ধৰি মহানগৰীৰ বহু বিশিষ্ট পৰিয়ালে তাৰ পৰাই কিনা-কটা কৰিবলৈ লােৱা হেতুকে দোকানখনৰ ব্যৱসায় যথেষ্ট উৎসাহজনক হৈ উঠিছিল। গ্রাহকৰ প্ৰতি গৰাকী দম্পতীৰ সহৃদয় ব্যৱহাৰ যেন আছিল অতিৰিক্ত প্রাপ্তি। পাছলৈ এবাৰ গৰাকীৰ পৰা জানিব পাৰিলাে যে তেওঁলােকৰ মেধাৱী সন্তানে উচ্চশিক্ষিত হৈ অন্যান্য বৃত্তি গ্রহণ কৰা হেতুকে দোকানখন ভৱিষ্যতে কোনে চলাব তাকে লৈ তেওঁলােক চিন্তিত।

ইতিমধ্যে তেওঁলােকৰাে বয়স হৈ আহিছে। কিয় জানাে কথাটো শুনি আমাৰাে মনটো সেমেকিল। কিছুদিন পাছত এবাৰ গৈ দেখিলাে,সেই দম্পতীৰ স্বামী-স্ত্রী কোনাে এগৰাকী নাই— দোকানৰ কেশ্বত বহি আছে আন এজন লােক। জানিব পাৰিলাে দম্পতী অসুস্থ হােৱা হেতুকে তেওঁলােকৰ চিকিৎসক পুত্ৰই উপায়হীন হৈ প্রক্সি মাৰিছে।

ব্যস্ত চিকিৎসক এজন পাট-মুগাৰ কাপােৰৰ দোকানত বহি থকা দেখিয়ে বুজি পালাে দোকানখন হয়তাে আৰু বেছিদিন চলি নাথাকিব। সেই মৰমীয়া ব্যৱসায়ৰ প্ৰতি আগ্রহ থকা হ’লে নিশ্চয় তেওঁলােকৰ সন্তানে তাক আগবঢ়াই নিব পাৰিলেহেঁতেন; কিন্তু তেওঁলােক আন বৃত্তিৰ প্ৰতি আগ্রহী হােৱা হেতুকে সেয়া সম্ভৱ হৈ নুঠিল।

আধুনিক সমাজত পছন্দৰ বৃত্তি বাছনি কৰাটো ব্যক্তি বিশেষ স্বাধীনতা। পিতৃ-পৰিয়ালৰ বৃত্তি অনুসৰণ কৰাটো অথবা নিজ পছন্দ অনুসৰি বৃত্তি বাছি লােৱাটো তেনেই এক স্বাভাৱিক প্রক্রিয়া। নিজৰ সামর্থ্য অনুসৰি আগবাঢ়ি যােৱাটোহে মূল বিচার্য। পাঁচ ৰাজ্যৰ চলিত বিধানসভা নির্বাচনৰ সময়তে বংশানুক্রমিক ৰাজনীতিৰ প্ৰসংগ অধিক চর্চালৈ অহাত চিল্ক হাউছখনৰ কথাটো মনলৈ আহিল।

দেশত বংশানুক্রমিক ৰাজনীতিৰ বিষয়টো দীর্ঘদিন ধৰি এক বিতর্কৰ কেন্দ্রবিন্দু হৈ আহিছে। এই প্রসংগ ওলালেই প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি তেওঁৰ পৰিনাতি ৰাহুল-প্রিয়ংকা গান্ধীলৈকে আঙুলি টোঁওৱা হয়। ভাৰতৰ ৰাজনীতিত কেন্দ্ৰৰ পৰা বিভিন্ন ৰাজ্যলৈ পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ পৰম্পৰা চলি আহিছে সুদীর্ঘ কাল ধৰি।

কংগ্ৰেছেই ইয়াৰ নেতৃত্ববাহী হ’লেও ৰাজ্যভেদে আন দলৰাে তেনে পৰিয়ালৰ সংখ্যা কম নহয়। জম্মু-কাশ্মীৰৰ পৰা তামিলনাড়ুলৈ আৰু মহাৰাষ্ট্ৰৰ পৰা অৰুণাচললৈ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে। কাশ্মীৰ আব্দুল্লা পৰিয়ালে নিয়ন্ত্রণ কৰি অহাৰ বিপৰীতে পঞ্জাৱত বাদল, মহাৰাষ্ট্ৰত থাকৰে, উত্তৰ প্ৰদেশ-বিহাৰত যাদৱ, তামিলনাড়ুত কৰুণানিধি আদি পৰিয়ালে ব্যাপক প্রভাৱ বিস্তাৰ কৰি আহিছে।

মেঘালয়, তেলেংগানা আদি ৰাজ্যও তাৰ পৰা বাদ পৰি ৰােৱা নাই। আন কেবাখনাে ৰাজ্যৰ পৰিস্থিতিও লক্ষ্যণীয়। অৱশ্যে বামপন্থী শাসিত কেৰালা, ত্ৰিপুৰা আৰু পশ্চিমবংগ প্ৰমুখ্যে কেইখনমান ৰাজ্যত তেনে পৰম্পৰাই গা কৰি উঠাৰ সুযােগ নাপালে।

অকংগ্ৰেছী নেতাসকলৰ একাংশই দেশৰ সর্বাধিক পুৰণি ৰাজনৈতিক দল কংগ্ৰেছত নেহৰু-গান্ধী পৰিয়ালৰ একাধিপত্যৰ বিৰুদ্ধে সৰৱ হৈ আহিছে। নৰেন্দ্ৰ মােদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লাভৰে পৰা কংগ্ৰেছৰ এনে পৰিবাৰবাদ (তেওঁৰেই ভাষাত)ৰ কঠোৰ সমালােচক হৈ আহিছে।

তেওঁ প্রধানমন্ত্রী পদলৈ অগ্ৰসৰ হােৱাৰ সময়ৰে পৰা কংগ্ৰেছক আক্ৰমণৰ এক প্রধান বিষয় হৈছে পৰিবাৰবাদ। মােদীয়ে দল আৰু চৰকাৰৰ বাঘজৰী হস্তগত কৰাৰ সমান্তৰালভাৱে বিজেপিতাে বংশানুক্রমিক ৰাজনীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি আহিছে।

নামৰ পাছত লাগি থকা উপাধি অথবা পৰিয়ালৰ যহত নির্বাচনত দলীয় প্রার্থিত্ব লাভ নকৰাটো নিশ্চিত কৰিবলৈ যে মােদীয়ে প্রচেষ্টা চলাই আহিছে সেয়া সকলােৰে জ্ঞাত। উত্তৰ প্ৰদেশৰ চলিত নির্বাচনৰ প্ৰথমটো পর্যায়ৰ ভােট গ্রহণৰ প্ৰাকক্ষণত এক বিশেষ বার্তা সংস্থা দিয়া আছুতীয়া সাক্ষাতত প্রধানমন্ত্রী মােদীয়ে স্পষ্টভাৱেই কৈছে যে বংশানুক্রমিক ৰাজনীতি হৈছে গণতন্ত্রৰ সর্ববৃহৎ শত্রু।

যেতিয়া এটা ৰাজনৈতিক দল কেবাটাও প্রজন্ম একেটি পৰিয়ালৰ দ্বাৰাই পৰিচালিত হয় তেতিয়া তাত কেৱল বংশবাদহে থাকে, গতিশীলতা নাথাকে বুলিও তেওঁ মন্তব্য কৰিছে। ক্ষমতাশালীসকলৰ বিপৰীতে নিজকে ‘চায়ৱালা’ৰূপে প্ৰক্ষেপ কৰি অহা মােদী যে শূন্যৰ পৰা নিজৰ দৃঢ়তা আৰু একাত্মতাৰ বলত প্রধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে, সেয়া তেওঁৰ সাত শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য।

সেই বাবে নিজৰ উদাহৰণ দাঙি ধৰি তেওঁ বিৰােধীক, ঘাইকৈ কংগ্ৰেছক ধৰাশায়ী কৰাৰ কোনাে সুযােগ এৰি দিয়া নাই; কিন্তু মােদীৰ পৰিবাৰবাদৰ বিৰােধিতাক লৈ যে স্বয়ং বিজেপিতে অসন্তুষ্টি আছে তাকো অস্বীকাৰ কৰিব নােৱাৰি। কিয়নাে মােদীৰ এনে কঠোৰ স্থিতিৰ বাবেই কিছুসংখ্যক সৌভাগ্যশালী হলেও বহু প্ৰভাৱশালী বিজেপি নেতাৰ পত্নী অথবা সন্তানে ক্ষমতাৰ ৰাজনীতিত বিশেষ স্থান অধিকাৰ কৰিবলৈ সুযােগ লাভ কৰা নাই।

অৱশ্যে শেহতীয়াভাৱে মােদীয়ে স্থিতি শিথিল কৰা পৰিলক্ষিত হৈছে। সেয়েহে তেওঁ কৈছে যে ৰাজনৈতিক নেতাৰ পৰিয়ালৰ একাধিক সদস্যই সক্রিয় ৰাজনীতিত প্ৰৱেশ কৰিলে আপত্তি কৰিবলগীয়া একো নাই, কেৱল কোনাে ৰাজনৈতিক দল একেটি পৰিয়ালৰ দ্বাৰা পৰিচালিত হােৱাটোহে বিপজ্জনক।

প্রধানমন্ত্রীৰ ইংগিত যে কংগ্ৰেছ তথা বিজেপিবিৰােধী কেইটামান বিশেষ দল তাত সন্দেহ নাই। কিন্তু আন বহু নীতিৰ দৰেই এই ক্ষেত্ৰতাে মােদীৰ দুমুখীয়া স্থিতি পৰিলক্ষিত হয়। তেওঁ নেতৃত্ব বহন কৰি অহা এনডিএৰ অংশীদাৰ কেবাটাও দল একেটা পৰিয়ালৰ দ্বাৰাই পৰিচালিত হৈ আহিছে।

সেই দলৰ নেতাই মােদীৰ মন্ত্রীসভাতাে গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে। নির্বাচন জয় অথবা ক্ষমতা দখলৰ বাবে যেতিয়াই প্রয়ােজন হৈছে তেতিয়াই মােদীৰ নেতৃত্বতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ উত্তৰাধিকাৰ কংগ্রেছ অথবা আন দলৰ নেতাক আদৰি আনি গুৰুত্বপূৰ্ণ পদত বহুওৱা হৈছে।

পঞ্জাৱৰ আকালি দল অথবা মহাৰাষ্ট্ৰৰ শিৱসেনা বছৰ চেৰেক আগলৈকে বিজেপিৰ আটাইতকৈ পুৰণি আৰু শক্তিশালী মিত্রদল আছিল। কাশ্মীৰত আন এক পৰিয়ালকেন্দ্রিক দল পিডিপিৰ স’তে মােদীৰ শাসন কালতে বিজেপিয়ে ৰাজ্যখনত মিত্ৰতাৰে চৰকাৰ চলাইছিল।

তেনেদৰেই মধ্যপ্রদেশ কংগ্ৰেছ চৰকাৰ ভাঙি বিজেপি চৰকাৰ গঠনৰ উদ্দেশ্যে পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ আন এজন ধাৰক-বাহক জ্যোতিৰাদিত্য ছিন্ধিয়াক বিজেপিলৈ আদৰি আনি কেন্দ্রীয় মন্ত্রীপদ উপহাৰ দিয়া হৈছে। আনকি চলিত উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত কংগ্রেছৰ কে’বাজনাে প্রভাৱশালী নেতাৰ পুত্ৰক বিজেপিত চামিল কৰা হৈছে।

মুলায়ম সিং যাদৱৰ বােৱাৰীকো আদৰি লােৱা হৈছে। মােদীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাণ্ডাৰী বুলি অহৰহ সমালােচনাৰ লক্ষ্য কৰি লােৱা মুলায়ম সিঙৰ বােৱাৰীক আদৰি আনি এনে এক বার্তা দিয়াৰ চেষ্টা চলােৱা হৈছে যে সমাজবাদী পার্টি নেতাজী’ৰ সমর্থন আছে মােদীৰ দলৰ প্ৰতিও।

এইবােৰ মাত্ৰ কেইটামানহে উদাহৰণ। এইবােৰৰ পৰাই মােদীৰ পৰিবাৰবাদৰ বিৰােধিতাও কেৱল নির্বাচনী শ্ল’গানহে বুলি ভাবিবলৈ বাধ্য হওঁ। সুবিধাবাদেই যে ইয়াৰ আঁৰৰ উদ্দেশ্য, সেয়া আৰু লুকাই থকা নাই। দৰাচলতে ৰাজনৈতিক দল তথা নেতাৰ নীতি-আদর্শ বুলি কোনাে কথা নাই বিশেষকৈ আমাৰ দেশত।

নীতি-আদৰ্শৰ নামত যিবােৰ গান আওৰাই থকা হয়, সেইবােৰাে ভােটাৰৰ চকুত ধূলি দিবলৈহে, বাস্তৱ কোনাে ভিত্তি নাই। ক্ষমতা লাভৰ বাবে প্রয়ােজনীয় নীতিয়েই অধিকাংশ দলৰাে নীতি। বিজেপি তথা প্রধানমন্ত্রী মােদীও যে তাৰ ব্যতিক্রম নহয়, সেয়া তেওঁলােকৰ কার্যকলাপেই প্রমাণ কৰি দিছে।

সি যি কি নহওক, প্রশ্নটো হৈছে যােগ্যতাৰ। অযােগ্য নেতৃত্বৰ হাতত পৰিলে দীর্ঘ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়েও যে ব্যর্থ হয় সেয়া কংগ্ৰেছৰ সাম্প্রতিক অৱস্থাই দাঙি ধৰিছে। ইয়াৰ বিপৰীতে উপযুক্ত হলে পৰিয়ালকেন্দ্রিক ৰাজনীতিকেও ৰাইজৰ সমর্থন লাভ কৰি আহিছে। এই কথা ঠিক যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই বহু ক্ষেত্ৰত যােগ্য নেতায়াে যথােচিত মর্যাদা লাভৰ পৰা বঞ্চিত হৈছে আৰু ফলত বিকল্পৰ সন্ধানত নামিবলগীয়া হৈছে।

কোনাে ৰাজনৈতিক নেতাৰ সন্তান হ’ল বুলিয়েই যােগ্যতা থাকিও কাৰােবাৰ ৰাজনীতি কৰাত বাধা থাকিব নালাগে। তদুপৰি গৃহমন্ত্রী অমিত শ্বাহৰ পুত্রই অথবা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ পুত্ৰই যদি কাইলৈ সক্রিয় ৰাজনীতিত নামিবলৈ আগ্রহী হয়, তেন্তে তেওঁলােকক বাধা দি ৰখাটো সম্ভৱ হ’ব নে?

আপত্তিৰ থল তেতিয়াহে থাকিব যেতিয়া একমাত্র পিতৃৰ নামৰ বাবেই তেওঁলােকে অবাঞ্ছিত অগ্রাধিকাৰ লাভ কৰে অথবা তেওঁলােকৰ স্বাৰ্থ পূৰণৰ বাবে আন যােগ্যজনক প্রাপ্যৰ পৰা বঞ্চিত কৰা হয়। বিজেপিয়ে হওক বা আন দলতে হওক, নেতা-মন্ত্ৰীৰ পুত্রই বিভিন্ন ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিয়েই আছে।

গণতন্ত্রত শেষ কথা জনগণৰ ইচ্ছা। পৰিয়ালকেন্দ্রিক ৰাজনীতিৰে ভুমুকি মাৰিলেও ৰাইজে গ্রহণ নকৰিলে সেই যাত্রা সিমানতে সামৰণি পৰাটো নিশ্চিত। অসম গণ পৰিষদৰ শাসন কালত তদানীন্তন মুখ্যমন্ত্ৰীৰ পত্নীৰ দৌৰাত্মই সকলােকে হতবাক কৰিছিল; কিন্তু শেষত ৰাইজৰ দ্বাৰাই সেইসকল চূড়ান্তভাৱে প্রত্যাখিত হ’বলগীয়া নহ’ল নে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d