Corona Vaccine : জৰুৰী ভিত্তিত শিশুৰ বাবে অনুমোদন পালে কৰ’নাৰ প্ৰতিষেধক ‘ক’ৰ্বেভেক্স’এ

tncmlbug biological

দেশত কমবয়সৰসকলৰ বাবে আৰু এটা কৰ’না টিকাই (Corona Vaccine) অনুমোদন পালে । হায়দৰাবাদৰ (Hyderabad) সংস্থা বায়’লজিকেল ই-ৰ (Biological E) ভেকচিন ‘ক’ৰ্বেভেক্স’ক (Corbevax) জৰুৰী ভিত্তিত অনুমোদন দিয়া হৈছে । ১২ৰ পৰা ১৮ বছৰ বয়সৰসকলক এই ভেকচিন দিয়া হ’ব । আজি ভেকচিন প্রস্তুতকাৰক সংস্থাৰ তৰফৰ পৰা অনুমোদনপত্ৰ লাভ কৰাৰ পাছত এই সংবাদ জনোৱা হয় ।

যোৱা তিনি জানুৱাৰীৰ পৰা দেশত আৰম্ভ হৈছে ১৫ৰ পৰা ১৮ বছৰ বয়সৰসকলৰ টিকাকৰণ । বর্তমানে কেৱল ভাৰত বায়’টেকৰ (Bharat Biotech) ক’ভেক্সিনেই (Covaxin) কমবয়সৰসকলক দিয়া হৈছে । ক’ৰ্বেভেক্স ভেকচিনৰ নাম সেই তালিকাত অন্তৰ্ভুক্ত হ’ল । তথ্য অনুসৰি, কেন্দ্রীয় চৰকাৰে আগতীয়াকৈ ক’ৰ্বেভেক্স ভেকচিনৰ ৩০ কোটি ড’জ আবণ্টন দিছে হায়দৰাবাদৰ সংস্থাটোক । এই ভেকচিন কিনিবলৈ কেন্দ্র‌ই এহেজাৰ পাঁচশ কোটি টকা ব্যয় কৰিব লাগিব ।

সোমবাৰে বায়’লজিকেল ই-ৰ ব্যৱস্থাপনা পৰিচালক মহিমা দাতলাই (Mahima Datla) এক বিবৃতিত কয়, “সকলোবোৰ যিদৰে আগবাঢ়িছে তাত আমি সুখী । আমি অনুমোদনপত্র পোৱাত দেশত ১২ৰ পৰা ১৮ বছৰ বয়সৰসকলৰ টিকাকৰণৰ গতি বাঢ়িব । আমি বিশ্বাস কৰো যে, এই অনুমোদনৰ ফলত ক’ভিডৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজ আৰু শক্তিশালী হ’ব ।”

ক’ৰ্বেভেক্স ভেকচিনত এটা এন্টিজেন আছে । এই এন্টিজেন মার্কিন যুক্তৰাষ্ট্রৰ টেক্সাছৰ চিলড্রেন হাস্পাতাল চেন্টাৰ ফৰ ভেকচিন ডেভেলপমেন্ট আৰু বেলৰ কলেজ অৱ মেডিচিনৰ যৌথ উদ্যোগত তৈয়াৰ কৰা হৈছে । সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে, ক’ৰ্বেভেক্সে প্রচলিত ভেকচিনবোৰৰ দৰে সম্পূৰ্ণ ভাইৰাছক নষ্ট কৰি নিদিয়ে । বৰঞ্চ, ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় ।

Exit mobile version