অৰ্থ নাই তেল কিনিবলৈ, সংকটত শ্রীলংকাৰ অর্থনীতি

petrol 1

বিগত কিছু বছৰ ধৰি নানা কাৰণত সোমাই পৰিছে অৰ্থনীতি । তদুপৰি কৰ’নাত পর্যটন শিল্প প্রায় স্তব্ধ হৈ যোৱাত বিদেশৰ পৰা অহা আয়ত অংকুশ লাগিছে । এনে পৰিস্থিতিত এইবাৰ শ্রীলংকাৰ বৈদেশিক মুদ্রা ভাণ্ডাৰতো সংকটৰ সৃষ্টি হৈছে । অৱস্থা ইমানেই সংকটজনক যে, দুখন জাহাজত বাহিৰৰ পৰা তেল আহে যদিও, ডলাৰৰ অভাৱত সেয়া ক্ৰয় কৰিব পৰা নাই বুলি জনাইছে তৈলমন্ত্রী উদয় গমনপিলাই ।

চৰকাৰে বান্ধি দিয়া দৰত ডিজেল বেচিবলৈ গৈ সমস্যাত পৰিছে সেই দেশৰ ৰাষ্ট্ৰীয় তৈল সংস্থা কেলন পেট্রলিয়াম কর্প’ৰেছন । ২০২১ত ৪১.৫ কোটি ডলাৰৰ ক্ষতি হৈছে । সংস্থাৰ দাবী, সম্প্ৰতি তেল কিনিবৰ বাবে অর্থ নাই । মন্ত্রীগৰাকীয়ে জনায়, ডেৰ মাহ ধৰি তেওঁ চৰকাৰক বিষয়টোক লৈ সতর্ক কৰিছে । তেওঁৰ মতে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ পাম্পত তেলৰ দৰ বাঢ়োৱাৰ বাহিৰে অন্য উপায় নাই । আমদানি শুল্কও কম কৰা উচিত ।

চলিত মাহৰ আৰম্ভণিতে ইণ্ডিয়ান অয়েলৰ পৰা ৪০,০০০ টন ডিজেল আৰু পেট্রল কিনিছে শ্রীলংকাই । কিন্তু কেৱল তেলেই নহয়, খাদ্যসহ অত্যাৱশ্যক পণ্যৰো ক্রমশ নাটনি হৈছে । জানুৱাৰীত মূল্যবৃদ্ধিয়ে ২৫ শতাংশৰ অভিলেখ গঢ়িছে । দেশখনৰ বৈদেশিক মুদ্রা ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ আৰু খাদ্যপণ্য আমদানি কৰিবলৈ ৯০ কোটি ডলাৰৰ ঋণ দিয়াৰ কথা কৈছে ভাৰতে । চলিত মাহত ৫০ কোটি ডলাৰৰ ঋণৰ পথ মুকলি কৰাৰ বিষয়েও জনাইছে ।

Exit mobile version