ফেচবুক-টুইটাৰক প্ৰত্যাহ্বান জনাই নিজৰ সামাজিক মাধ্যম মুকলি ড’নাল্ড ট্রাম্পৰ

truth social

বিদ্বেষমূলক মন্তব্য আৰু হিংসা বিয়পোৱাৰ অভিযোগত একাধিক সামাজিক মাধ্যমে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক নিষিদ্ধ কৰিছিল । এইবাৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে প্ৰস্তুত কৰিলে নিজৰ সামাজিক মাধ্যম মঞ্চ । কালি ট্ৰাম্পে এই নতুন মঞ্চৰ আত্মপ্ৰকাশ ঘটালে । ইয়াৰ নাম ৰখা হৈছে ‘ট্ৰুথ ছ’চিয়েল’ । ট্ৰাম্প মিডিয়া এণ্ড টেকনলজি গ্ৰুপে কালি এই কথা ঘোষণা কৰে ।

উল্লেখ্য যে যোৱা বছৰৰ অক্টোবৰত ট্ৰাম্পে নিজা সামাজিক মাধ্যম এপ্ মুকলি কৰিব বুলি ঘোষনা কৰিছিল । অৱশেষত ফেচবুক-টুইটাৰ আদিক প্ৰত্যাহ্বান জনাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে সামাজিক মাধ্যমৰ জগতত ‘ট্ৰুথ ছ’চিয়েল’ নামেৰে নতুন এপৰ সংযোজন কৰিলে ।

এপলৰ এপ্ ষ্ট’ৰত এই নতুন এপ্ উপলব্ধ হ’ব । ট্ৰাম্পে দাবী কৰা অনুসৰি ‘ট্ৰুথ ছ’চিয়েল’ সম্পূৰ্ণৰূপে এক নিৰপেক্ষ সামাজিক মঞ্চ হ’ব ।

Exit mobile version