Khalistan : খলিস্তানি সংযোগ ! কৃষক আন্দোলনৰ সমর্থক নিষিদ্ধ গোষ্ঠীৰ প্রচাৰ কৰি ৰোষত ৱেবছাইট

1327922 00

খলিস্তানপন্থী নিষিদ্ধ সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছএফজে)-ৰ ৱেবছাইট, এপ্-সহ সামাজিক মাধ্যমত যাৱতীয় প্রচাৰ বন্ধ কৰিবলৈ সক্রিয় হ’ল কেন্দ্র । সেই সংগঠনৰ হৈ প্রচাৰৰ অভিযোগত এটা টিভি চেনেলৰ এপ্ আৰু ৱেবছাইটক বন্ধ কৰাৰ চৰকাৰী নির্দেশনাও জাৰি হৈছে ।

মঙলবাৰে তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে এক বিবৃতিত কৈছে, ‘সেই চেনেলটোৱে পঞ্জাৱ বিধানসভা নির্বাচনৰ সময়ত আইনশৃংখলা বিঘ্নিত কৰিবৰ বাবে অনলাইন মিডিয়া ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে । বিবৃতিত কোৱা হৈছে, ভাৰতত সাম্প্রদায়িকতা আৰু বিচ্ছিন্নতাবাদৰ উচতনি দি অশান্তি সৃষ্টি কৰাৰ চেষ্টা কৰিছে এছএফজে-য়ে । ভাৰতৰ সার্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তাৰ পক্ষে এই সংগঠন ‘বিপজ্জনক’ বুলিও চৰকাৰী বিবৃতিত কোৱা হৈছে ।

২০১৯ৰ ১০ জুলাইত ‘শিখছ ফৰ জাষ্টিছ’ সংগঠনক ইউএপিএ-আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছিল কেন্দ্র‌ই । চোৰাংচোৱা সূত্রে খবৰ, ৰাজনৈতিক নহয় বৰঞ্চ সম্পূর্ণ ব্যৱসায়িক ভিত্তিত চলে এই সংগঠনটো । এছএফজে-ৰ হোৱাটছ‌এপ্ গ্রুপত পাকিস্তানি গুপ্তচৰ সংস্থা আইএছআই এজেন্টসকল সক্রিয় । ভাৰত-বিৰোধী কার্যকলাপত আর্থিকভাৱে সহায় কৰে এই নিষিদ্ধ সংগঠনে । তদুপৰি সামাজিক মাধ্যমত ভাৰত বিৰোধী প’ষ্ট দিলে বিদেশৰ কোনো দেশত নাগৰিকত্ব দিয়াৰ প্রতিশ্রুতি দি যুৱপ্ৰজন্মক প্রভাৱিত কৰাৰ চেষ্টা কৰা হয় ।

সাম্প্রতিক সময়ত কৃষি আইন বিৰোধী আন্দোলনৰ সমর্থনত কানাডাৰ পৰা একাধিক বিবৃতি দিছিল ভাৰতত নিষিদ্ধ সংগঠন এছএফজে-য়ে । যোৱা ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত বিক্ষোভ কাৰ্যসূচীৰ আহ্বান জনাইছিল তেওঁলোকে । ইয়াৰ পাছত কেন্দ্রৰ তৰফৰ পৰা খলিস্তান আন্দোলনৰ সমর্থক সংগঠনটোৰ কার্যকলাপত বাধা দিবৰ বাবে কানাডাসহ বিভিন্ন দেশৰ চৰকাৰৰ স’তে যোগাযোগ আৰম্ভ কৰা হয় ।

Exit mobile version