গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কেন্দ্ৰ উঠাই দিয়াত ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া

আছাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তৰ প্ৰতিবাদত ধৰ্না কাৰ্যসূচী ঘোষণা

WhatsApp Image 2022 02 23 at 8.11.57 PM 1

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ২০০০ চনৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ কেন্দ্ৰ বলবৎ হৈ আছে । কিন্তু শিক্ষা বিভাগে কালি এ এইচ এছ ই চি/ই এক্স বি/টি এ জি-আই এন এছ টি /১৫/১৪/২৪০ নিৰ্দেশনামৰ্মে পৰীক্ষাৰ কেন্দ্ৰটো উক্ত বিদ্যালয়খনৰ পৰা ধুবুৰী জিলাৰ হাতিধূৰা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়লৈ স্থানান্তৰিত কৰে ।

দীৰ্ঘ কুৰি বছৰৰ অধিক সময় গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পৰীক্ষাৰ কেন্দ্ৰটো শিক্ষা বিভাগে স্থানান্তৰিত কৰাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইপিনে, আজি নিশা আঠ বজাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে শ্ৰীৰামপুৰৰ সন্নিকটৱৰ্তী কেৰাপ্পুৰত উক্ত বিষয়ৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে ।

আছাৰ কেন্দ্ৰীয় সমিতিৰ  সভাপতি প্ৰদীপ নাগ শিক্ষা বিভাগৰ এনে নিৰ্দেশনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।তেওঁ ১৯৪৫ চনত স্থাপিত বিদ্যালয়খনত কুৰি বছৰৰ অধিক সময় উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰ সুচাৰুৰূপে চলাই অহাৰ পাছত কিহৰ যুক্তিত ৰহস্যজনকভাৱে শিক্ষা বিভাগে পৰীক্ষাৰ কেন্দ্ৰটো ধুবুৰী জিলাৰ হাতিধূৰালৈ স্থানান্তৰিত কৰিলে সেয়া চিন্তাৰ বিষয় হৈছে ।

আদিবাসী অধ্যুষিত গ্ৰাহামপুৰৰ পৰা পৰীক্ষাৰ কেন্দ্ৰটো হাতিধূৰাত লৈ যোৱাৰ দ্বাৰা পক্ষান্তৰে আদিবাসী জনগোষ্ঠীক উপেক্ষা কৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । এই নিৰ্দেশনা বাতিল নহ’লে কালি ছাত্ৰ সংগঠনটোৱে ধৰ্না কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে ।

Exit mobile version