জটিল ৰোগত আক্রান্ত কচুগাওঁৰ নন্দীপুৰৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ প্ৰতাপ বসুমতাৰী

296150d3 f250 4a56 a658 1fa227456d9c

গোসাঁইগাঁও মহকুমাৰ কচুগাওঁ‌ নন্দীপুৰ গাঁৱৰ বাসিন্দা তথা দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰানেশ্বৰ বসুমতাৰীৰ একমাত্ৰ লৰা প্ৰতাপ বসুমতাৰী (১২) জটিল ৰোগত আক্ৰান্ত হৈ বিছনাতে ছটফটাই আছে।

দৰিদ্ৰ পৰিয়ালটোৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱত ভুক্তভোগীৰ পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,বিটিআৰ প্ৰধান প্ৰমোদ বড়ো লগতে ৰাইজৰ পৰা সহায়ৰ ভিক্ষা বিচাৰিছে।

তথ্য অনুসৰি ছাত্ৰজনক প্ৰথমতে কোকৰাঝাৰ এম আৰ এম হস্পিতাল,তাৰ পিছত গুৱাহাটী জিএমচিএইচ আৰু অৱশেষত নেপাললৈ লৈ গৈছিল।

কিন্তু অপাৰেচন কৰিবলৈ এক লাখ ২০ হেজাৰ টকা দুখীয়া পৰিয়ালটোৱে ব্যৱস্থা কৰিব নোৱাৰাত এতিয়া ঘৰতে চটপটাই আছে শিশুটো।

পৰিয়ালৰলোকে অসমবাসী ৰাইজৰ পৰা ছাত্ৰজনৰ চিকিৎসাৰ বাবে ইজেন বসুমতাৰীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ৭১৩৬০২৬০২৬০৮৫ একাউন্ট নম্বৰ আৰু ইউটিবিআইওআৰআৰবিএজিবি আইএফএছচি ত সাধ্যানুসাৰে আৰ্থিক সহায় কৰিবলৈ অনুৰোধ জনায় লগতে যোগাযোগৰ বাবে ৮১৬৭৮৩১৫০ নম্বৰত ফোন কৰিবলৈ অনুৰোধ জনায়।

Exit mobile version