বিবাহ আদিত ৫০ লাখতকৈ অধিক ধন ব্যয় কৰিলে তথ্য বিচাৰিব আয়কৰে

hindu marriage

ধনাঢ্য ব্যক্তিসকলৰ ব্যয়ৰ দিশত কঠোৰ দৃষ্টি ৰাখিব আয়কৰ বিভাগে। ২০২২-২৩ বিত্তীয় বর্ষৰ সাধাৰণ বাজেটত চৰকাৰে আয়কৰ অধিনিয়মৰ গুৰুত্বপূৰ্ণ পৰিৱর্তন সাধন কৰিছে।

ADVERTISEMENT

এতিয়াৰে পৰা কোনাে পৰিয়াল বা ব্যক্তিয়ে ঘৰুৱা অনুষ্ঠান আয়ােজনৰ ক্ষেত্ৰত ৫০ লাখ টকাতকৈ অধিক ধন ব্যয় কৰিলে উক্ত ব্যক্তিয়ে আয়কৰৰ জবাবদিহি হ’ব লাগিব।

বিবাহ তথা অন্যান্য ঘৰুৱা অনুষ্ঠানত ৫০ লাখতকৈ অধিক ধন ব্যয় কৰা ব্যক্তিয়ে উক্ত অনুষ্ঠানৰ ব্যয়ৰ সকলােবােৰ নথিপত্র ১০ বছৰলৈকে সংৰক্ষণ কৰি ৰাখিব লাগিব। এই সময়ছােৱাৰ ভিতৰত আয়কৰ বিভাগে বিষয়টোৰ সন্দৰ্ভত উক্ত ব্যক্তিক সােধা-পােছা কৰিব পাৰে।

Exit mobile version